১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী এছ ইউ চি আই(কমিউনিষ্ট)ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সংবিধানৰ ১৩০ সংখ্যক সংশোধনী বিধেয়ক সন্দৰ্ভত এছ ইউ চি আই(কমিউনিষ্ট)ৰ সাধাৰণ সম্পাদক প্ৰভাস ঘোষে আজি এক বিবৃতি যোগে কয় যে-’সংসদত উত্থাপিত ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়কখনত কোৱা হৈছে যে, যদি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকে ধৰি কোনো মন্ত্ৰীক ৫ বছৰ বা তাতকৈ অধিক দিনৰ কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন জিম্মাত ৰখা হয়, তেন্তে তেওঁ পদত্যাগ কৰিব লাগিব বা তেওৰ পদবী হেৰুৱাব লাগিব। দেখাত এইটো দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ দৰে দেখা গৈছে যদিও এই প্ৰস্তাৱৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে চিবিআই, ইডি আৰু এনআইএৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি বিৰোধী শিবিৰৰ যিকোনো মন্ত্ৰীৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ কৰি তেওক শায়েস্তা কৰাৰ বাবে কেন্দ্ৰৰ শাসকীয় চৰকাৰক অবাধ ক্ষমতা প্ৰদান কৰা। আমি দোষী সাব্যস্ত নোহোৱালৈকে নিৰ্দোষ বুলি গণ্য কৰাৰ দেশৰ প্ৰতিষ্ঠিত নীতিক উলংঘা কৰা এই কঠোৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু সংবিধানৰ জনপ্ৰতিনিধি আইন, ১৯৫১ উলংঘা কৰা এই আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো।’