১২ লাখ চৰকাৰী পদ খালী কিন্তু চাকৰি দিয়া হোৱা নাই: ছোনিয়া গান্ধী

pc Wikipedia

১২ লাখ চৰকাৰী পদ খালী কিন্তু চাকৰি দিয়া হোৱা নাই: ছোনিয়া গান্ধী

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে লাখ লাখ খালী পদৰ পিছতো যুৱক-যুৱতীসকলক চাকৰি প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। “যুৱসকলে অধ্যয়ন কৰে আৰু চাকৰিৰ বাবে প্ৰস্তুতি কৰে কিন্তু বিজেপি চৰকাৰে আপোনাক ঘৰত বহিবলৈ বাধ্য কৰে। ১২ লাখ চৰকাৰী চাকৰি খালী আছে কিন্তু আপোনাক চাকৰি দিয়া হোৱা নাই,” গান্ধীয়ে এক ভাৰ্চুৱেল সম্বোধনত কয়।