১২ ডিচেম্বৰত দাখিল হ’ব জুবিনৰ ৰহস্যজনক মৃত্যুৰ চার্জশ্বীটঃএছআইটিৰ মুৰব্বী
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। শনিবাৰে উলুবাৰীৰ চিআইডিৰ মুখ্য কার্যালয়ত আয়োজিত এক সংবাদ মেলযোগে এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ সঞ্চালক প্রধান মুন্নাপ্রসাদ গুপ্তাই এই কথা সদৰী কৰিছে । অভিযোগনামা দাখিল সন্দর্ভত আয়োজিত সংবাদ মেলত এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই কয় যে গোচৰটোৰ তদন্তৰ আমি চূড়ান্ত পর্যায়ত আহি উপস্থিত হৈছোঁ। অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰা হ’ব। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰুজু হোৱা ১৮/২৫ নম্বৰ গোচৰৰ অধীনতে অভিযোগনামাখন দাখিল কৰা হ’ব। মন কৰিবলগীয়া যে প্রিয় শিল্পীৰ মৃত্যুৰ পাছতে চিআইডিত ফেষ্টিভেল মহন্তখ্যাত শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিক লৈ ১৯/২৫ নম্বৰত আন এটা গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰৰ অভিযোগনামাও একেলগেই দাখিল কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এছআইটিৰ মুৰব্বী গুপ্তাই কয় যে উক্ত গোচৰটোৰ তদন্ত বৰ্তমানেও ব্যাহত আছে। অতি শীঘ্ৰেই গোচৰটোৰ তদন্ত শেষ কৰি অভিযোগনামাও আমি আদালতত দাখিল কৰিব পাৰিম। উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মহন্ত মৃত্যু সন্দৰ্ভত ৰুজু হোৱা ১৮/২৫ নম্বৰ গোচৰটোৰ অধীনত এছআইটিয়ে তদন্ত অব্যাহত ৰাখি কার্যক্ষম হোৱা দিনৰ পৰা ৭৪ দিনলৈকে ৩০০ৰো অধিক লোকৰ সাক্ষ্যগ্ৰহণ কৰিছে। মূল ৭ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গৰ লগতে শিল্পীগৰাকীৰ দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো গ্ৰেপ্তাৰ কৰিছে। অভিযোগনামা দাখিলৰ বাবে এছআইটি সাজু হৈছে যদিও শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনোধৰণৰ দিশ যাতে তদন্তৰ আওতাৰ পৰা বাদ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিও এছআইটিয়ে তদন্ত চলাই আছে। এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই সংবাদ মেলযোগে ৰাইজৰ উৎকণ্ঠাক উনুকিয়াই কয় যে অহা ১২ ডিচেম্বৰত ৰাইজে সকলো কথা গম পাব। ৰাইজে বিচৰা ধৰণেই সকলো হ’ব বুলিও আওপকীয়াকৈ তেওঁ মন্তব্য কৰিছে।উল্লেখ্য যে, সুদূৰ ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈ যোৱা ১৯ ছেপ্টেম্বৰত মহাসমুদ্ৰৰ বুকুত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছিল অসমীয়াৰ আৱেগ, যুৱপ্ৰজন্মৰ হার্টথ্র’ব জুবিন গাৰ্গ। অকালতে প্রিয় শিল্পীক এনেদৰে হেৰুৱাবলগীয়া হ’ব বুলি সপোনতো নভবা অসমীয়াই এই ৰহস্যজনক মৃত্যুৰ বাবে উচিত তদন্ত বিচাৰি ৰাজ্যজুৰি চৰকাৰক দাবী জনাই অহাৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আৱেগক গুৰুত্ব দি যোৱা ২৪ ছেপ্টেম্বৰত এছআইটি গঠন কৰি সঠিক তদন্তৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিছিল। চিআইডিৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছআইটিয়ে ২৪ ছেপ্টেম্বৰৰ পৰাই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চিআইডিত ৰুজু হোৱা ১৮/২৫ নম্বৰ গোচৰটোৰ অধীনত তদন্ত আৰম্ভ কৰে।
