১২ জুলাইত ইতিহাস থিয়েটাৰৰ শুভ-নাট্যাৰম্ভ

১২ জুলাইত ইতিহাস থিয়েটাৰৰ শুভ-নাট্যাৰম্ভ

মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  সাম্প্ৰতিক সময়ত ভ্ৰাম্যমান নাট্যক্ষেত্ৰৰ এটা সুপৰিকল্পিত আৰু সু পৰিচালিত নাট্যদল হিচাবে পৰিগণিত হৈছে ইতিহাস থিয়েটাৰ। বিগত প্ৰতিটো বৰ্ষত ইতিহাস থিয়েটাৰৰ নাটকৰ প্ৰতি দৰ্শকে দেখুৱাই অহা অভাৱনীয় সহাঁৰিৰ পৰিপ্ৰেক্ষিতত এইবাৰো আন এক বিগ বাজেটৰ প্ৰস্তুতিৰে অহা ১২ জুলাইত আখৰা শিবিৰ মুকলি কৰিব নাট্যদলটিয়ে। এই বৰ্ষত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ তিনিখন ভিন্নসুৰী নাটক। নাট কেইখন হৈছে- ‘মহাৰাজ’, ‘জুয়ে পোৰা মানুহ’ আৰু ‘মহাবীৰ লাচিত’ । ইতিমধ্যে নাম প্রকাশতেই বহুলভাৱে চৰ্চালৈ আহিছে ‘মহাৰাজ’ নাটখন। নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই জনোৱা মতে সমাজত চলি থকা অন্যায়, অবিচাৰৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়া এজন স্বচ্ছ নাগৰিকৰ জীৱন সংগ্ৰামক মূল উপজীৱ্য হিচাবে লৈ এই নাটখন ৰচনা কৰা হৈছে। যত প্ৰেম-ৰোমাঞ্চ, হাঁহি-কান্দোন, এক্সনৰ পয়োভৰ ঘটিব ‘মহাৰাজ’ত । লগতে দৰ্শকৰ ৰুচি অনুযায়ী আৰু নাটকৰ স্ক্ৰিপটোৱে দাবী কৰা ভিন্ন দিশত এই নাটখনৰ কাৰণে বহুখিনি টেকনিকেল কামো আমাৰ কৰিব লগা হৈছে। ইয়াৰ উপৰিও নাট্যদলটোৱে মঞ্চস্থ কৰিব লগা ‘জুয়ে পোৰা মানুহ’ নাটখনেও এক সামাজিক বাৰ্তা বহন কৰিব লগতে লাচিত বৰফুকনৰ চাৰি শ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনায় এইবাৰ ইতিহাস থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হব ‘মহাবীৰ লাচিত’ । বিগত ৬ বছৰৰ পাছত ভ্ৰাম্যমাণলৈ উভতি অহা জনপ্ৰিয় অভিনেতা যতীন বৰাৰ লগতে নাট্যদলটোৰ অভিনয়ৰ দিশত থাকিব শৰ্মিষ্ঠা চক্ৰৱৰ্তী, আশা ৰিয়া ফুকন, বিপুল বৰা, চন্দন বৰা, মুহি বৰা, অৰ্চনা বৰা, গুঞ্জন চৌধুৰী, চম্পক মেধি, পাৰ্থ কলিতা, মানস শইকীয়া আদিৰ লগতে বহু কেইগৰাকী ন-পুৰণি অভিনয় শিল্পী। নাট্যদলটোৰ সম্পাদকৰ দায়িত্ব বহন কৰিব জ্যেষ্ঠ সম্পাদক ৰঞ্জিত দত্তই । অহা ১২ জুলাইত মিৰ্জাস্থিত স্থায়ী আখৰা গৃহত চলিত বৰ্ষৰ নাটক আখৰাৰ শুভাৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ইতিহাস থিয়েটাৰৰ সহ: প্রযোজক অঞ্জনজ্যোতি দাসে ।