১২৬ খন সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

১২৬ খন সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আধ্যাত্মিক ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ মানসেৰে ২০২১ চনৰ নৱেম্বৰ মাহত গঠন হোৱা সত্ৰ আয়োগে বেদখল কৰা সত্ৰৰ ভূমি উদ্ধাৰ আৰু সত্ৰৰ প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ পৰামৰ্শসহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড °হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চূড়ান্ত প্ৰতিবেদন দাখিল কৰে।তিনিজন সদস্য সমিতিয়ে ১২৬খন সত্ৰ পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰে। উক্ত অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উক্ত প্ৰতিবেদনখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰাৰ লগতে সমগ্ৰ অসমতে সত্ৰসমূহৰ বহনক্ষম উন্নয়ন আৰু প্ৰতিষ্ঠানিক পুনৰুজ্জীৱন সুনিশ্চিত কৰিবলৈ আৰ্থিক ক্ষমতাৰে অসমত এখন স্থায়ী সত্ৰ আয়োগ গঠন আৰু ২৫ বছৰীয়া দৃষ্টিভংগী পৰিকল্পনাৰ কথাও উল্লেখ কৰে।