১২৬টা সমষ্টিতে সাংগঠনিক স্থিতি সবল কৰিব কংগ্ৰেছে

১২৬টা সমষ্টিতে সাংগঠনিক স্থিতি সবল কৰিব কংগ্ৰেছে
বুথ সভাপতিৰে ছেলফি উঠি তৃণমূলৰ কংগ্ৰেছ কৰ্মীৰ মনোবল বৃদ্ধি কৰিব নেতাই

ৰঙিলী বাৰ্ত্তাসেৱা-  তৃণমূল কৰ্মীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে ২৭ জুন, শুকুৰবাৰে আন্তৰিক সংযোগৰ এক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচী অনুযায়ী জিলা পৰ্যায়ৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বই বুথৰ সভাপতি আৰু কৰ্মীসকলৰ ওচৰলৈ গৈ ছেলফি লৈ সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ চলাব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ এমাহ সম্পূৰ্ণ হোৱা দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয়। সভাপতি গগৈয়ে কয় যে বিগত এমাহত তৃণমূল পৰ্যায়ৰ পৰা যথেষ্ট ভাল সঁহাৰি আহিছে আৰু সেইবাবে বিজেপি নেতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অস্থিৰতা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে কৰা অসমৰ স্বাৰ্থ বিৰোধী কামবোৰৰ বিৰুদ্ধে এক জনজাগৰণ আনিবলৈ চেষ্টা কৰিছিল আৰু এই কামত আমাৰ দল সফল হৈছে। যুঁজ এখন হ’ব মনোভাবেৰে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনোবল এতিয়া সুদৃঢ় কৰা হৈছে। চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কংগ্ৰেছে একত্ৰিতভাৱে প্ৰৱল প্ৰতিবাদ জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ আশীষধন্য একাংশ মন্ত্ৰী-বিধায়কৰ দুৰ্নীতিৰ স্বৰূপ উদঙাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কে এতিয়া সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যৰো নিন্দা কৰে সভাপতিগৰাকীয়ে। সভাপতি গগৈয়ে গুাৱহাটীত সাংবাদিকৰে হোৱা মত-বিনিময়ত আজি কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দল বদ্ধপৰিকৰ। তেওঁ লগতে তৃণমূল পৰ্যায়ৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰিবৰ বাবে বিগত ৩০ দিনত তেওঁ যথেষ্ট গুৰুত্ব দিছে আৰু যাৰ বাবে দলৰ কৰ্মীসকলে সক্ৰিয় সহযোগিতা আগবঢ়াইছে। বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছ দলে ১২৬টা বিধানসভা সমষ্টিতে দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ কয়, দলৰ প্ৰাৰ্থী জিকিবলৈ বা আনক জিকাবলৈ দলৰ সংগঠন শক্তিশালী হ’ব লাগিব। নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা যাতে শুদ্ধ হয়, মুক্ত আৰু নিকাভাৱে প্ৰকৃত ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে কংগ্ৰেছ দলে শক্তিশালী ৰূপত কাম কৰিব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বাতৰি কাকতসমূহত জ্যেষ্ঠ সাংবাদিকসকলৰ লগত হোৱা এই মতবিনিময় অনুষ্ঠানত সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী প্ৰমুখ্যে একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে।