১১ হাজাৰ বিহুৱা-নাচনীৰে অভিলেখ গঢ়িব অসমে: মুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে।আগন্তুক ৰঙালী বিহু উপলক্ষে ৰাজ্যত সাংস্কৃতিক বিভাগৰ উদ্যোগত প্ৰায় ১১,০০০ বিহুৱা-নাচনীৰে অসমে অভিলেখ গঢ়িব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে জানিব দিয়ে। ৰঙালী বিহুৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আয়োজিত এই বিশাল অনুষ্ঠানৰ উদ্ধোধন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব। ৰাজ্যৰ সকলো জিলাৰে প্ৰায় ১১,১৪০ গৰাকী বিহুৱা-নাচনীৰে ৭০ আৰু ৩০ শতাংশ অংশগ্রহণেৰে অনুষ্ঠিত এই অনুষ্ঠানত দেশৰ সকলো ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী সহ বিভিন্ন বিভাগৰ বিষয়াসকলক আমন্ত্রণ জনোৱা হ’ব। এই আমন্ত্রণি প্ৰক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ৪ জনীয়া মন্ত্ৰীৰে এখন কমিটি গঠন কৰা হয়। লগতে ৰাজ্যৰ মন্ত্ৰীসকলক বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলক আমন্ত্রণ জনোৱাৰ বাবে ২০ মাৰ্চ ২০২৩ তাৰিখৰ পৰা ৩০ মাৰ্চ তাৰিখলৈ আমন্ত্রণ জনোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী ড° শৰ্মাই অৰ্পণ কৰে। ইয়াৰ লগতে উক্ত অনুষ্ঠানত জি-২০ সন্মিলনৰ বিভিন্ন দেশৰ প্ৰতিনিধি সকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমন্ত্রণ জনোৱা হৈছে। উক্ত দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ আন বহুতো গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। গুৱাহাটী কলাক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনিং আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। লগতে সকলো বিহুৱা-নাচনীসকলক গুৱাহাটীৰ বিভিন্ন হোষ্টেল, হোটেল আদিত ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু তেওঁলোকক আৰ্থিক মাননী প্ৰদান কৰা হ’ব বুলি তেওঁ কয়।  ইপিনে, ১৪ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিহু কমিটিসমূহক সন্ধিয়া কিছু পলমকৈ বিহু উদযাপনৰ আহ্বান জনায়, যাতে সকলো ৰাইজে উক্ত অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। লগতে যোৱা বাৰৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিহু কমিটিসমূহক ডেৰ লাখ টকাৰ আৰ্থিক মাননী প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।  উল্লেখ্য যে, বিহুক আন্তর্জাতিক পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবেদমেলত কয়।