১১ নং ধলাই বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থীয়ে উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- এজন প্ৰাৰ্থীয়ে ১১ নং ধলাই বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে। ইয়াৰ লগে লগে আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা হʼল ৩৪ জন। উপ-নিৰ্বাচন অনুষ্ঠিত হʼবলগীয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত ১১ নং ধলাই বিধানসভা সমষ্টিৰ বাবে ৮ জন প্ৰাৰ্থীয়ে, ৩১ নং চিদলি বিধানসভা সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থীয়ে, ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৮ জন প্ৰাৰ্থীয়ে, ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বাবে ৪ জন প্ৰাৰ্থীয়ে আৰু ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে ১১ জন প্ৰাৰ্থীয়ে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। উল্লেখ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে অন্তিম দিন আছিল।