১০ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্রী আত্মনির্ভৰশীল আঁচনিৰ অধীনত প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ

১০ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্রী আত্মনির্ভৰশীল আঁচনিৰ অধীনত প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ

ৰঙিলী বাৰ্ত্তাসেৱা- ভোটগ্ৰহণলৈ মাজত পাঁচটা দিন ৷ ইফালে শনিবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি বিগত বিজেপি চৰকাৰৰ কাৰ্যকালৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত বিজেপি চৰকাৰে ৰাজ্যৰ যুৱ সমাজৰ বাবে উন্নয়ন, বিশ্বাস আৰু সমৃদ্ধিৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। নিয়োগ আৰু চৰকাৰী সৃষ্টিৰ ক্ষেত্ৰত ২০২১ চনত প্ৰদান কৰা এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি অতিক্ৰম কৰি এতিয়ালৈ ১.৬৫ লাখতকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। আগন্তুক ৫ বছৰত ২ লাখতকৈ অধিক নিযুক্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা কৰ্মসংস্থাপনৰ লক্ষ্যৰ দিশটো উল্লেখ কৰি কয়- অসমত কর্মসংস্থাপন যোজনাৰ অধীনত জিলাভিত্তিক নিয়োগ মেলাৰ জৰিয়তে কর্মসংস্থাপন দিয়াৰ লগতে এটা ডিজিটেল চাকৰি প’ৰ্টেল আৰম্ভ কৰা হৈছে। চিএম ফ্লাইট অভিযানৰ অধীনত অসমৰ যুৱক-যুৱতীক বিশ্বস্তৰীয় চাকৰিৰ সুযোগৰ বাবে প্রশিক্ষিত কৰাৰ লগতে প্রার্থীগৰাকীক এক লাখ টকাকৈ প্ৰদান কৰা হৈছে। গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো সামুদ্রিক দক্ষতা বিকাশ কেন্দ্র স্থাপন কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে এক লাখতকৈ অধিক যুৱক-যুৱতীক এহাজাৰ কোটিতকৈ অধিক আর্থিক সহায় প্ৰদান কৰা হৈছে। আগন্তুক ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক এই আঁচনিৰ অধীনত ৫ লাখ টকা পর্যন্ত প্ৰদান কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয়- ২০২১ চনৰ পৰা ৬১৫টা ষ্টার্টআপক সহায় কৰা হৈছে। এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত এমএছএমই খণ্ডত ১২.৭৫ লাখ ইউনিটে ৮২ লাখতকৈও অধিক লোকক কর্মসংস্থাপন প্রদান কৰিছে। বিগত ৫ বছৰত শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ ক্ষেত্রতো অভূতপূর্ব পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- বছৰি ৫৭ লাখ শিক্ষার্থীক বিনামূলীয়া পাঠ্যপুথি আৰু ৪৩ লাখ শিক্ষার্থীক ইউনিফর্ম প্ৰদান কৰাৰ লগতে ১০ লাখতকৈ অধিক ছাত্র-ছাত্রীক চাইকেল প্রদান কৰা হৈছে। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্ প্রাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষা নিশ্চিত কৰাৰ উপৰি ১.৩ লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী লাভ কৰিছে। তদুপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩.৮৯ লাখ কন্যা শিক্ষার্থীক আর্থিকভাৱে সহায় কৰা হৈছে। উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ ১০খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু ৪খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। আনহাতে এইমছ, আইআইএম আদিৰ দৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানো ৰাজ্যত স্থাপন কৰা হৈছে। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে শিক্ষাবর্ষ আৰম্ভ কৰাৰ সমান্তৰালভাৱে স্কিল যাত্ৰা আঁচনিৰ জৰিয়তে ৰাজ্যৰ সহস্রাধিক যুৱক-যুৱতীক প্রশিক্ষণ দিয়া হৈছে। প্রতিযোগিতামূলক পৰীক্ষা যেনে- ইউপিএছচি, এপিএছচি, এছএছচি আদি পৰীক্ষাত প্ৰস্তুতিৰ বাবে বিনামূলীয়া ক’চিং প্ৰদান কৰি থকা হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জেইই, নীট, চিএলএটি, চিইউইটি আদি পৰীক্ষাৰ বিশেষ ক’চিঙৰো ব্যৱস্থা কৰাৰ লগতে সামৰিক বাহিনীৰ প্ৰশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হৈছে। মন্ত্রী হাজৰিকাই কয়- ৰাজ্যৰ উদ্যোগ খণ্ডত বিনিয়োগ সৃষ্টিৰে নতুন উদ্যোগ স্থাপন কৰি নিযুক্তিৰ ক্ষেত্রত স্থানীয় যুৱক-যুৱতীক অগ্রাধিকাৰ প্ৰদান কৰা হৈছে। ইতিমধ্যে জাগীৰোডত স্থাপন হোৱা টাটা ইলেক্ট্র’নিকছৰ ২৭হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত ইতিমধ্যে পৰোক্ষভাৱে ৪ হাজাৰ যুৱক-যুৱতীয়ে কাম পাইছে আৰু ২৯ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব। ক্রীড়া আৰু যুৱ কল্যাণৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয়- ৰাজ্যৰ প্ৰতিটো উন্নয়ন ক্ষেত্রত আধুনিক মানদণ্ডৰ ক্ৰীড়া প্রকল্প আৰু প্ৰতিখন জিলাত একোখনকৈ খেল একাডেমী স্থাপন কৰা হ’ব। ইতিমধ্যে শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে বিগত সময়ছোৱাত অনুষ্ঠিত খেল মহাৰণত ৫৩ লাখতকৈ অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিছে। শক্তিশালী অসম গঢ়াৰ উদ্দেশ্যে ৰাজ্যজুৰি দক্ষতাৰ জৰীপ চলোৱাৰ উপৰি ড্ৰাগমুক্ত পৰিৱেশৰ বাবে নিচামুক্ত অসম অভিযান আৰম্ভ কৰা হৈছে। সংবাদ মেলত মন্ত্রী হাজৰিকাই কয়- বিজেপি চৰকাৰে অসমত কেৱল বান নিয়ন্ত্ৰণ কৰাই নহয়, ইয়াক সমাপ্ত কৰাৰ দিশে আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমৰ বান সমস্যা নিয়ন্ত্ৰণ কৰাটো এক অন্যতম সংকল্প হিচাপে লৈছে। আগন্তুক ৫ বছৰত ১৮ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগেৰে বানমুক্ত অসম মিছন আৰম্ভ কৰাৰ লগতে বানপানী নিয়ন্ত্ৰণৰ লগতে এক পূর্ণাংগ, দীর্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। নদী পুনৰুজ্জীৱন আঁচনিৰ অধীনত আধুনিক প্রযুক্তিৰে মথাউৰি নিৰ্মাণ, নদীৰ গৰাখহনীয়া ৰোধ আৰু ক্ষয় হোৱা মাটি পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে বিশেষ স্বেচ্ছাসেৱক নিয়োগেৰে বান পর্যবেক্ষণ কৰিবলৈ বান নিৰীক্ষক বাহিনী গঠন কৰা হৈছে। চহৰ অঞ্চলত উন্নতমানৰ নলা-নর্দমা নির্মাণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে।