১০ দিনত ৪কোটি ২৫লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত

PC -SS Publishers and Distributors

১০ দিনত ৪কোটি ২৫লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত

ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্ৰিয় লেখক দুৰ্জয় দত্তৰ অংশগ্ৰহণে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত সাহিত্যপ্ৰেমীসকলক উৎসাহী কৰি তোলে ৷ গ্ৰন্থমেলাৰ আজি দশম দিনা সন্ধিয়া ৬ঃ৩০ বজাত প্ৰিয় লেখকগৰাকী উপস্থিত হোৱাৰ লগে লগে অনুৰগীসকলে আগুৰি ধৰি তেওঁক সৃষ্টিৰ বিষয়ে বিভিন্ন প্ৰশ্ন কৰে ৷ গ্ৰন্থমেলাৰ মূল মঞ্চত আয়োজিত আলাপ অনুষ্ঠানত মিলিত হৈ দত্তই এইবুলি কয়—“ কিতাপক লৈ এনে উৎসৱ চমকপ্ৰদ ৷ মই পূৰ্বেও অসমৰ গ্ৰন্থমেলালৈ আহিছিলোঁ ৷ লক্ষ্য কৰিছোঁ গ্ৰন্থৰ আদৰ কমা নাই ,বাঢ়িছেহে ৷ ডিজিটেল যুগৰ প্ৰযুক্তিয়ে ছপা আখৰলৈ সংকট নমাই অনা বুলি বিভিন্ন পক্ষই শংকা প্ৰকাশ কৰাৰ সময়ত ইয়াত গ্ৰন্থক কেন্দ্ৰ কৰি যি উৎসৱ উদ্‌যাপিত হৈছে এয়া সঁচাকৈয়ে অনিন্দ্য-সুন্দৰ ৷ এনে গ্ৰন্থোৎসৱে লেখক, সাহিত্যিক , প্ৰকাশকসকলক নতুন কাম কৰিবলৈ উদগনি যোগাব ৷” অনুষ্ঠানটিৰ আঁত ধৰে আৰ জে আলিয়াই ৷ উল্লেখ্য যে আজি বিয়লি ১ বজাত আয়োজিত “ডেউকা মেলি যায়” শীৰ্ষক বিভিন্ন ক্ষেত্ৰৰ সুপ্ৰতিষ্ঠিত নাৰীৰ সৈতে আলাপৰ এটি অনুষ্ঠানে গ্ৰন্থমেলা প্ৰাংগণ উজ্জীৱিত কৰি তোলে ৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট লেখিকা ৰাণী গোহাঁয়ে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে— সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, প্ৰশাসনিক বিষয়া মণিতা বৰগোহাই , মণিদ্বীপা বৰকটকী, সংগীত শিল্পী ড° মৌচুমী চহৰীয়া, মনস্তত্ত্ব বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকা, অভিনয় শিল্পী প্ৰণামী বৰা, ফেশ্বন আইকন কিৰণ বড়ো আদি ভিন্ন ক্ষেত্ৰত সৃষ্টি আৰু প্ৰতিভাৰে জিলিকি উঠা নাৰী সকলে ৷ তেওঁলোকে সাফল্য অৰ্জন কৰা নিজৰ নিজৰ ক্ষেত্ৰৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্যত প্ৰকাশ কৰি অনুষ্ঠানটি ৰসগ্ৰাহী কৰি তোলে ৷এই মনোজ্ঞ অনুষ্ঠানৰ আঁত ধৰে কবি-লেখিকা মন্দিৰা গগৈয়ে ৷ উল্লেখ্য যে পুথিপ্ৰেমীৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে আনন্দৰ লহৰ তোলাৰ সমান্তৰালভাৱে আশাৰ বতৰা এয়ে যে ইয়াত কিতাপ বিক্ৰীৰ হাৰো সন্তোষজনক বুলি জনাইছে প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৪ কোটি ২৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷ আগন্তুক দুদিনত বিক্ৰীৰ হাৰ আৰু বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে পৰিষদৰ লগতে অন্যান্য প্ৰকাশন গোষ্ঠী সমূহে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে প্ৰবোধ দাসে ৷