১০ জানুৱাৰীত এডিআৰইৰ তৃতীয়বৰ্গৰ নিযুক্তি 

১০ জানুৱাৰীত এডিআৰইৰ তৃতীয়বৰ্গৰ নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১০ জানুৱাৰীত এডিআৰইৰ তৃতীয়বৰ্গৰ চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব। চাহ জনগোষ্ঠীৰ ২১৫গৰাকী প্ৰাৰ্থীক স্বাস্থ্য বিভাগত নিযুক্তি-পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  এই তথ্য সদৰী কৰে। আনহাতে ৯ জানুৱাৰীত এডিআৰইৰ চতুর্থবর্গত নিযুক্তি প্রদান কৰা হ’ব। ইয়াৰ পৰৱৰ্তী সময়ত আন বিভিন্ন বিভাগৰ যেনে- কৃষি, লোকনির্মাণ, জলসিঞ্চন আদি বিভাগৰ বাছনি হৈ থকা প্রার্থীসকলক একেলগে জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি-পত্র প্রদান কৰা হ’ব। ফেব্ৰুৱাৰী মাহতে সর্বশিক্ষা অভিযানৰ প্ৰায় ৪ হাজাৰ শিক্ষকক চৰকাৰীকৰণ কৰা হ’ব আৰু আন কেইবাটাও বিভাগত নিযুক্তি প্রদান কৰা হ’ব। ইফালে ৰাজ্য চৰকাৰে অতিশীঘ্ৰে প্ৰথম আৰু দ্বিতীয়বৰ্গৰ নিযুক্তিত চাহ জনগোষ্ঠী, আদিবাসীৰ বাবে তিনি শতাংশ আসন সংৰক্ষণ মুকলি কৰিব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয়-জানুৱাৰী মাহৰ ভিতৰতে চৰকাৰে তৃতীয় আৰু চতুৰ্থবৰ্গৰ তিনি শতাংশ যি সংৰক্ষণৰ ব্যৱস্থা আছে, সেয়া প্রথম আৰু দ্বিতীয়বর্গলৈ উন্নীতকৰণ কৰা হ’ব। ইফালে অৰুণোদয় হিতাধিকাৰীক নতুন বৰ্ষত এক উপহাৰ প্রদান কৰিব বুলি জানিবলৈ দি আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ১ জানুৱাৰীৰ পৰা ৰাইজে ১০০ টকাতে দাইল, চেনি আৰু নিমখ লাভ কৰিব। তদুপৰি জানুৱাৰী মাহৰ পৰাই ছাত্ৰসকলৰ অধ্যয়নৰ বাবেও নিযুত মইনা আঁচনিৰ দৰে এক আঁচনি হাতত লোৱা হ’ব।