১০ ছেপ্তেম্বৰৰ পূৰ্বে গৌৰৱে কোন তাৰিখে পাকিস্তান গৈছিল, ক’ত আছিল কৈ দিমঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান প্ৰসংগত পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দুয়োটা সন্তানেই বিদেশী ৰাষ্ট্ৰৰ নাগৰিক। গৌৰৱ গগৈৰ দুয়োটা সন্তান প্রথমে ভাৰতীয় আছিল। পিছত দুয়োটা সন্তানকে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্বলৈ পৰিৱৰ্তন কৰে। দুর্ভাগ্যজনক কথাটো হ’ল যে গৌৰৱ গগৈৰ পত্নীয়ে সন্তান দুটাৰ বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্বলৈ পৰিৱৰ্তন কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজেই আবেদন কৰি নিজ সন্তানৰ নাগৰিকত্ব ভাৰতৰ পৰা আন বিদেশী ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰিছে। আনহাতে গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁ কোন তাৰিখে পকিস্তানলৈ গৈছিল, পাকিস্তানৰ ক’ত আছিল, সেইখিনি তথ্য অহা ১০ ছেপ্টেম্বৰৰ আগেয়ে কৈ দিম। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে গৌৰৱ গগৈয়ে এখন পাছপ’র্টো হেৰুৱাইছে। সেয়ে তেওঁ দুই-তিনিবাৰ পাকিস্তানলৈ গৈছে যদিও ধৰিব নোৱাৰে। কিন্তু এবাৰ পাকিস্তানলৈ যোৱাটো গম পাওঁ। গৌৰৱ গগৈক উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ আজিলৈকে নিদিয়াৰ প্রসংগতো মুখ্যমন্ত্রী ড° শর্মাই কয় তেওঁ নিজকে বহুত স্মার্ট বুলি ভাবে। তেওঁ ভাবে উত্তৰ নিদিয়াকৈ থাকিব পাৰিম। কিন্তু ইমান স্মার্ট হৈও লাভনাই। আইনৰ চকুত সকলো সমান। অসমত কংগ্ৰেছ দলৰ অস্তিত্ব নোহোৱা হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহৰ মাজত দলটো জীয়াই আছিল যদিও সেয়াও নোহোৱা হ’ব।