১০ অক্টোবৰত পুনৰ ৮-৯ হাজাৰ শিক্ষকক নিযুক্তি

১০ অক্টোবৰত পুনৰ ৮-৯ হাজাৰ শিক্ষকক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে অহা ১০ অক্টোবৰত পুনৰ ৮-৯ হাজাৰ শিক্ষকক নিযুক্তি দিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰিলে । সংবাদ মাধ্যমৰ আগত তেওঁ কয়- ১০ অক্টোবৰত ৮-৯ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। শিক্ষকৰ প্ৰতিবছৰে অৱসৰ হৈ থাকে। গতিকে এই পদসমূহ পূৰণৰ বাবে চৰকাৰে নিযুক্তি দিয়াৰ চেষ্টা কৰি আহিছে। কিন্তু কেতিয়াবা কেতিয়াবা এই নিযুক্তি প্রক্রিয়াক লৈ ন্যায়ালয়ত কেছ আদিও পঞ্জীয়ন হয়। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ যথেষ্ট ভাল হৈছে আৰু ভাল হ’ব লাগিব। মুখ্যমন্ত্রীয়ে আজি ইয়াকো স্পষ্ট কৰে যে ৰাজ্যত আদর্শ প্রাথমিক বিদ্যালয় স্থাপন কৰা নহয়, আদর্শ হাইস্কুলহে স্থাপন কৰা হ’ব। বৰ্তমান চৰকাৰে প্ৰাথমিক বিদ্যালয়ক আদর্শ বিদ্যালয়ৰূপে স্থাপন কৰাৰ কথা ভবা নাই। একে সময়তে চৰকাৰে হাইস্কুলসমূহক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰা হ’ব।