১০ অক্টোবৰত অনুষ্ঠিত হ’ব এডিআৰইৰ নিযুক্তিপত্র প্রদান অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১০ অক্টোবৰত ৰাজ্য চৰকাৰে দিব মেগা নিযুক্তি। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ এই বৃহৎ ঘোষণা। মুখ্যমন্ত্রী ড° শর্মাই ফেচবুক লাইভযোগে ঘোষণা কৰে যে ১০ অক্টোবৰৰ দিনাখন ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্নাতক শিক্ষক, এলপি-এমই শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, এডিআৰই পৰীক্ষাত উত্তীর্ণ হোৱা প্ৰাৰ্থীসকলৰ আটাইকে একেলগে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্ৰদান কৰা হ’ব নিযুক্তিপত্র। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো কয় যে যিসমূহ বিভাগৰ বিশেষকৈ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ খালী পদৰ বিপৰীতে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, সেই সকলো পৰীক্ষাৰ ফলাফল নির্দিষ্ট সময়ত ঘোষণা কৰি ১০ অক্টোবৰৰ দিনা প্ৰদান কৰা হ’ব নিযুক্তিপত্র। মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে এডিআৰই নতুন আৰু আৰক্ষী বিভাগৰ খালী পদৰ বিপৰীতে হ’বলগা বিজ্ঞাপন নৱেম্বৰ মাহত প্ৰকাশ কৰা হ’ব। আনহাতে, মুখ্যমন্ত্রী ড° শর্মাই সদৰী কৰে যে অহা ১৭ জুনত এডিআৰইৰ তৃতীয়বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। ১৭ জুনৰ পৰা এডিআৰইৰ তৃতীয়বৰ্গৰ প্ৰাৰ্থীয়ে কম্পিউটাৰ পৰীক্ষা, ষ্টেনোগ্ৰাফাৰ পদৰ বাবে পৰীক্ষা, গাড়ীচালক পদৰ বাবে পৰীক্ষা দিব লাগিব। আনহাতে, চতুৰ্থবৰ্গৰ প্ৰাৰ্থীসকলেও স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই পৰীক্ষাসমূহ অহা ১৫ জুলাইৰ আগতে শেষ কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভযোগে চৰকাৰী কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া ৭ জুনত আৰম্ভ হ’ব বুলি ঘোষণা কৰে। ৯,০০৪ গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ প্রক্রিয়া মুকলি কৰা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে দুর্নীতি ৰোধৰ লগতে চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ লক্ষ্যৰে যৌথ বদলিৰ প’র্টেল মুকলি হ’ব। শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা বহু কৰ্মচাৰীয়ে বিভিন্ন কাৰণত বদলিকৰণৰ বাবে লাগি থকা দেখা যায়। আনকি ইয়াৰ বাবে উপঢৌকন দিয়াৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হয়। ৰাজ্য চৰকাৰে সেয়েহে দেশৰ ভিতৰতে এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শিক্ষা বিভাগত এনেধৰণৰ পাৰস্পৰিক বুজাবুজিৰে বদলি কৰা হৈছিল শিক্ষকসকলক। একেধৰণে এইবাৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলক পাৰস্পৰিক বুজাবুজিৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ বাবে প্ৰায় ৯ হেজাৰ কৰ্মচাৰীক বিভিন্ন পৰীক্ষাৰ অন্তত পাৰস্পৰিক বুজাবুজি বদলিৰ বাবে যোগ্য বুলি বাছনি কৰা হৈছে। ৯ হাজাৰগৰাকী চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত বদলিকৰণৰ নিৰ্দেশ লাভ কৰিব। মুখ্যমন্ত্রী ড° শর্মাই ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিখন মুকলি কৰাৰ কথাও উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে যিসকল গৱেষকে চৰকাৰী বিশ্ববিদ্যালয় বা সামাজিক বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰি আছে, তেওঁলোকক ২৫ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াব। এইক্ষেত্র দিব্যাংগসকলক ৪০ হাজাৰ টকা আগবঢ়োৱা হ’ব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে মহাবিদ্যালয়সমূহত ৭০ হাজাৰ শিক্ষার্থীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ লাভ কৰিছে বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে যিসকলৰ ৰেচন কার্ড আছে, তেওঁলোকে বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেচন কার্ডখন দেখুৱালেই নামভৰ্তিৰ সুযোগ পাব। এইক্ষেত্ৰত যদি কোনো মহাবিদ্যালয় কর্তৃপক্ষ অথবা কোনো লোকে শিক্ষার্থীসকলক ধনদাবী কৰে, তেনেহ’লে লগে লগে তাৰ অভিযোগ দিলে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্র-ছাত্রীসকলে দিয়া ধনো ওভতাই দিয়া হ’ব। মুখ্যমন্ত্রীয়ে ১ আগষ্টৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰ-পত্র দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।