১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ আন্দোলনঃ এটি পৰ্যালোচনা – নাছিৰ আহমেদ

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ আন্দোলনঃ এটি পৰ্যালোচনা 

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ যোৱা ০/১/১২/২০২৫ইং তাৰিখৰ পৰা গুৱাহাটীৰ চচলত চলি থকা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট এতিয়াও অব্যাহত আছে।তেওঁলোকৰ মূল দাবীসমূহ হ’ল-

১০৮ মৃত্যুঞ্জয় আপাৎকালীন সঁহাৰি সেৱা অসমৰ কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰে ২০০৮ চনৰ ৬ ডিচেম্বৰত গুৱাহাটীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। পৰিৱৰ্তিত জীৱন ধাৰণ ব্যৱস্থাত বহুমুখী সেৱাসমূহ সু-সংহত ৰূপত খৰটকীয়া আৰু সৰ্বাত্মকভাৱে আপাৎকালীন সঁহাৰি বিশেষকৈ বৰ্ধিত হাৰত পথ দুৰ্ঘটনা, গৰ্ভৱতী মাতৃক সঠিক সময়ত সন্তান প্ৰসৱৰ ব্যৱস্থা কৰা, বোমা বিস্ফোৰণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ প্ৰয়োজনত চালু কৰা হৈছে এই ১০৮ মৃত্যুঞ্জয় সেৱা। আৰু এই সেৱা অধিক কাৰ্য্যক্ষম কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ অসম চৰকাৰে  হায়দৰাবাদৰ GVK Emergency Management and Research Institute ( EMRI) সংস্থাৰ সৈতে ২০০৮ চনৰ জুলাইত MOU, Memorandum of Understanding, ( বুজাবুজি) চুক্তিৱদ্ধ হৈছে।

এই ১০৮ মৃত্যুঞ্জয় সেৱাত প্ৰায় ১২৭০ জন এম্বুলেন্স চালক আৰু সহায়ক (EMTs, Emergency Medical Technician) কৰ্মী জড়িত থকাৰ লগতে ৯০ জন কল চেন্টাৰৰ কৰ্মীও আছে বা বৰ্তমান প্ৰত্যক্ষ বা পৰোক্ষভাৱে সৰ্বমুঠ ৩০০০ জন, যি সকলে ৰাজ্যজুৰি জৰুৰীকালীন সেৱা নিশ্চিত কৰি আজি সোতৰ বছৰ ধৰি এই মহৎ কৰ্মত নিজকে নিস্বাৰ্থ ভাৱে নিয়োজিত কৰি আছে। উদাহৰণ স্বৰূপে, ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাই অতি জৰুৰীকালীন চিকিৎসাত সহায় আগবঢ়াই আহিছে। তথ্য অনুসৰি,এই সেৱাৰ জৰিয়তে ৬৫ লাখৰো অধিক ব্যক্তি উপকৃত হৈছে।কিন্তু এতিয়াও তেওঁলোকে ন্যূনতম প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেইবোৰ হ’ল ক্ৰমে–

১/ ন্যায়সঙ্গত বেতন ( অন্ততঃ NHM, National Health Mission) দৰে

২/ শ্ৰম আইন মানি ৮ ঘন্টা ডিউটি আৰু পূৰ্ণ অভাৰটাইম ।

৩/ পি এফ, গ্ৰেচুইটি, চিকিৎসা ভাট্টা আৰু বোনাছ ।

৪/ চাকৰি নিয়মীয়াকৰণ।

NHM ৰ কৰ্মী এজনে মাহিলী ২৭,০০০ টকাৰ পৰা ৩৫,০০০ টকা লৈকে দৰমহা পায়।

অথচ, অসমৰ ১০৮ মৃত্যুঞ্জয় সেৱাত জড়িত EMT/ Pilot য়ে পায় মাথোঁ মাহিলী ১৩,৩০০ টকা দৰমহা+ মাথোঁ ২ ঘন্টাৰ ওভাৰটাইম ( বাকী ২ ঘন্টাৰ ওভাৰটাইমৰ টকাও নাই!)

অসমৰ ১০৮ ERO য়ে মাহিলী ১৩,৩০০ টকা দৰমহা ( কোনো ওভাৰটাইম নাই)

অন্যান্য ৰাজ্যৰ তথা প্ৰতিৱেশী মেঘালয় ৰাজ্যৰ ১০৮ EMT/ Pilot য়ে মাহিলী ৩৮,০০০ টকাৰ পৰা ৪৫,০০০ টকা লৈকে দৰমহা পায়।

২০০৮ চনৰ পৰা ২০২৫ চনলৈকে এই সোতৰ বছৰত সকলো নিত্য প্ৰয়োজনীয় দ্ৰব্যবস্তু আৰু সেৱামূলক বস্তুৰ দাম বহু গুণে বৃদ্ধি পাইছে, যেনে – চাউলৰ মূল্য ৪ গুণ, ঘৰ ভাড়া ৫ গুণ, বিদ্যালয়ৰ ফিহ ১০ গুণ, চিকিৎসা সেৱাৰ মূল্য আকাশলংঘী হৈছে। অথচ এই ১০৮ মৃত্যুঞ্জয় সেৱাত জড়িত কৰ্মচাৰী সকলৰ কোনো বোনাছ নাই, চিকিৎসা ভাট্টা নাই, গৃহ ভাট্টা নাই , গৃহ ঋণৰ ব্যৱস্থা নাই। এনেকি চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতো কোনো পি এফ, গ্ৰেচুইটি, চিকিৎসা ভাট্টা একো সা-সুবিধা নাই। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সন্তানে কোনো নিযুক্তি লাভ কৰাৰ সুবিধা নাই। নতুন পেন্সনৰ অধীনতো কোনো পেন্সন লাভ কৰাৰ ব্যৱস্থা নাই।

ইমান দীৰ্ঘ সময় ধৰি ১০৮ মৃত্যুঞ্জয় আপাৎকালীন সঁহাৰি সেৱাৰ লগত জড়িত হৈ থকা সত্ত্বেও এই কৰ্মচাৰীসকলে ন্যূনতম প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ এক দুৰ্দশাগ্ৰস্থ জীৱন নিৰ্বাহ কৰি আছে।  ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই কেইবাবাৰো ৰাজ্যিক চৰকাৰ আৰু GVK Emergency Management and Research Institute, (EMRI) সংস্থাক NHM ( National Health Mission) ৰ কৰ্মচাৰী সকলৰ সমপৰ্য্যায়ৰ দৰমহা আৰু সা-সুবিধাসমূহ বিচাৰি স্মাৰক পত্ৰ দাখিল কৰিও কোনো সুফল নাপাই বাধ্যত পৰি ১ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰি আছে। তৎসত্ত্বেও অসম চৰকাৰ তথা হায়দৰাবাদৰ সংস্থাৰ হৃদয় নগলিল। বৰঞ্চ ওলোটা খৰ মাৰি GVK EMRI কৰ্তৃপক্ষই ইতিমধ্যে আন্দোলনকাৰী  ৮৫০জন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিছে আৰু বাকী কৰ্মচাৰীসকলক সতৰ্ক বাণী শুনাই দিছে যে, অহা ২২ ডিচেম্বৰৰ ভিতৰত তেওঁলোকে আন্দোলন বৰ্জন নকৰিলে, সকলো আন্দোলনকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ বাধ্য হ’ব। এনে ধৰণে হুমকিৰ সম্মুখীন হৈয়ো আৰু চৰকাৰৰ পক্ষৰ পৰাও কোনো সঁহাৰি লাভ নকৰা সত্ত্বেও ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই দাবী পূৰণ নোহোৱা লৈকে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট চলাই যাবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে। অতি পৰিতাপৰ কথা যে, এই নিৰীহ কৰ্মচাৰীসকলৰ গণতান্ত্ৰিক আন্দোলনক ভ্ৰক্ষেপ নকৰি ৰাজ্যিক চৰকাৰ আৰু GVK EMRI কৰ্তৃপক্ষই দমন আৰু পীড়নমূলক নীতিৰে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অহিংস আৰু গণতান্ত্ৰিক আন্দোলন ধ্বংস কৰাৰ বাবে উঠি পৰি লাগিছে। ইতিমধ্যে ৭০০ জন অনভিজ্ঞ যুৱক-যুৱতীক এই সেৱা নিশ্চিত কৰিবলৈ নিয়োগ কৰিছে আৰু এই ব্যক্তিগত খণ্ডৰ এই সংস্থাৰ বিজ্ঞপ্তীৰ প্ৰতি সঁহাৰি জনাই লজ্জাজনক ভাৱে প্ৰায় ২০০০ জন অসমৰ যুৱক-যুৱতীয়ে আবেদন কৰিছে।

মুঠতে, সততে জাতি, মাটি আৰু ভেটিৰ শ্লোগান দিয়া বিজেপি শাসিত অসমৰ ৰাজ্যিক চৰকাৰে অসমৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখি থলুৱা কৰ্মচাৰীক শোষণ আৰু বঞ্চনাৰে মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যক কোনোমতে মানি ল’ব নোৱাৰি। চৰকাৰে মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ সেৱাৰ মান্যতা প্ৰদান কৰি দিন ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ দৰমহা ন্যূনতম ৪০,০০০টকা কৰা উচিত। তেওঁলোকে কোনো অদ্ভুত দাবী কৰা নাই। তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ পূৰ্ণ অধিকাৰ আছে। গতিকে, চৰকাৰে নমনীয় নীতিৰে এই সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা-বিলোচনা কৰি  GVK EMRI ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কৰ্তৃপক্ষক এই সেৱাৰ কৰ্মচাৰীসকলৰ দাবী পূৰণ কৰাৰ বাবে নিৰ্দেশ দিয়া যুক্তিসংগত কাম হ’ব।

অসমৰ সকলো জনগণেও এই ১০৮ মৃত্যুঞ্জয় সেৱাত জড়িত কৰ্মচাৰীসকলৰ কাতৰ আহ্বানক সঁহাৰি জনাই সহায়ৰ হাত আগবঢ়োৱা উচিত হ’ব।