১০৫ খন উচ্চ মাধ্যমিক বিদ্যালয় স্বীকৃতি বাতিলৰ দাবী

Pc Northeast Now (assamese)

১০৫ খন উচ্চ মাধ্যমিক বিদ্যালয় স্বীকৃতি বাতিলৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ নিৰ্দেশত চেবাই আগন্তুক এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব লগা শিক্ষাবৰ্ষত ৰাজ্যখনৰ ১০৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে এক বিবৃতি যোগে কয় যে, মেট্টিক পৰীক্ষাত দুৰ্বল ফলাফলৰ অজুহাত দেখুৱাই অতি কষ্টেৰে ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত গঢ়ি উঠা চৰকাৰী বিদ্যালয় সমূহৰ এইদৰে স্বীকৃতি বাতিল কৰা কাৰ্য চূড়ান্ত শিক্ষা বিৰোধী তথা জন বিৰোধী। ই জাতীয় শিক্ষানীতি- ২০২০ ক কাৰ্যকৰীকৰণৰ জৰিয়তে শিক্ষা ব্যৱস্থাক সম্পূৰ্ণ ব্যক্তিগতকৰণৰ চক্ৰান্তৰেই অংশ। দীৰ্ঘ দিন ধৰি চৰকাৰী বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা উঠাই দি, নামমাত্ৰ শিক্ষক আৰু দুৰ্বল আন্তঃগাথঁনিৰে পাঠদানৰ বাবে বাধ্য কৰি শিক্ষাৰ মান সুপৰিকল্পিতভাৱে অৱনমিত কৰা হৈছে। ইয়াৰ পৰিণাম স্বৰূপে চৰকাৰী বিদ্যালয়ত মেট্টিক পৰীক্ষাৰ ফলাফল শোচনীয় হৈছে।চৰকাৰৰএই চক্ৰান্তৰ কথা আঁৰ কৰি চৰকাৰে সমস্ত দোষ কেৱল শিক্ষকসকলৰ ওপৰত জাপি দি আহিছে। চৰকাৰী বিদ্যালয়ৰ এনে দুৰাৱস্থাৰ ফলত অভিভাৱকসকলে প্ৰাইভেট স্কুলৰ পিনে ঢাপলি মেলিছে। যাৰ পৰিণতিত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দ্ৰুত হ্ৰাস পাইছে আৰু ইয়াৰ সুযোগ লৈ চৰকাৰে একত্ৰীকৰণৰ নামত চৰকাৰী স্কুল বন্ধ কৰাৰ অভিযান চলাইছে। এতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ অজুহাতত শতাধিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ নামত এই বিদ্যালয় সমূহও কাৰ্যতঃ বন্ধ কৰি দিয়াৰ কৌশল ৰচনা কৰিছে। ইয়াৰ ফলত প্ৰত্যন্ত অঞ্চলৰ এই বিদ্যালয় বোৰৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা অৰ্জনৰ পথ ৰূদ্ধ হৈ পৰিব। উল্লেখ্য যে ইতিমধ্যে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ দ্ৰুত কাৰ্যকৰী কৰিবলৈ গৈ মেট্টিক পৰীক্ষা তুলি দিয়া, UGC ৰ গুৱাহাটীত অবস্থিত শাখা কায্যালয় তুলি দিল্লীলৈ স্থানান্তৰিত কৰা, এইবাৰ মেট্টিক পৰীক্ষাত ৫০ শতাংশ MCQ আৰ্হিত প্ৰশ্নকাকত প্ৰস্তুত কৰণৰ দৰে জন বিৰোধী আৰু শিক্ষা বিৰোধী পদক্ষেপ সমূহ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। আমি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ এই শিক্ষা বিৰোধী সিদ্ধান্ত অবিলম্বে বাতিলৰ দাবী জনাওঁ আৰু এই সিদ্ধান্ত বাতিলৰ বাবে চৰকাৰক বাধ্য কৰিবলৈ ঐক্যবদ্ধ শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি অহাৰ বাবে আমি ৰাজ্যৰ সমূহ ছাত্ৰ- ছাত্ৰী, শিক্ষক, শিক্ষাবিদ তথা শিক্ষাপ্ৰেমী জনসাধাৰণৰ প্ৰতি আহ্বান জনাওঁ।