১০১.৪৫ কোটিৰে নিৰ্মাণ জনতা ভৱনৰ নতুন ব্লক ‘বি’ উদ্বোধন মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰস্থিত জনতা ভৱনৰ নতুন ব্লক ‘বি’ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে এই ব্লকটো ৫৬,৯৭৫ বর্গফুট এলেকাত ১০১.৪৫ কোটি টকাৰো অধিক প্রকল্প ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। উক্ত জি প্লাছ ফাইভ আৰচিচি ভৱনটোৰ প্রতিটো মহলাতে দৃশ্য, শ্রাব্য সুবিধাসহ সভাকক্ষৰ ব্যৱস্থা ৰখা হৈছে। আধুনিক প্রযুক্তিৰে নিৰ্মিত এই ভৱনটোৱে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত নতুন মান স্থাপন কৰিব। মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ বাবে পৃথক কাৰ্যালয় কোঠাৰ ব্যৱস্থা ৰখাৰ লগতে ভৱনটোত কৰ্মচাৰীসকলৰ বাবে কৰ্প’ৰেট আৰ্হিৰে সু-সজ্জিত কর্মক্ষেত্ৰ গঢ়ি তোলা হৈছে, যাতে কার্য সম্পাদনত দক্ষতা অধিক বৃদ্ধি পায়। এই ভৱনটোত মুঠ ৮টা লিফটৰ ব্যৱস্থা ৰখা হৈছে।

ভৱনটোত লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাই পথ) বিভাগ, লোকনির্মাণ (পথ) বিভাগ, লোকনির্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, জলসম্পদ বিভাগ আৰু জলসিঞ্চন সঞ্চালকালয় থাকিব। ইয়াৰ ফলত আন্তঃবিভাগীয় সমন্বয় অধিক শক্তিশালী হোৱাৰ লগতে সিদ্ধান্ত গ্রহণ প্রক্রিয়া অধিক দ্রুত, স্বচ্ছ আৰু ফলপ্রসূ হ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
