১০০ বিছনাযুক্ত ভাগীৰথী মহিলা-শিশু যতন কেন্দ্র উদ্বোধন মুখ্যমন্ত্ৰীৰ

১০০ বিছনাযুক্ত ভাগীৰথী মহিলা-শিশু যতন কেন্দ্র উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১০০খন বিছনাযুক্ত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশু যতন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই চিকিৎসালয়খনে মাতৃ আৰু শিশুৰ বিশেষ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এডভান্টেজ আছাম-২.০ৰ জৰিয়তে অসম চৰকাৰৰ সৈতে হোৱা বুজাবুজিৰ চুক্তি অনুসৰি স্থাপন কৰা এই চিকিৎসালয়খনে ৰাজ্যখনত অব্যাহত থকা গুণগত চিকিৎসাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ মাত্ৰা প্ৰদান কৰিব। উল্লেখ্য যে অম্বুজা নেওটিয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেডৰ উদ্যোগত স্থাপন কৰা ১০০খন বিছনাযুক্ত মহিলা আৰু শিশুৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খনৰ শুভ উদ্বোধনে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা আৰু শিশুসকলক ব্যাপক আৰু উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আছিয়ান দেশসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ চিকিৎসা আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তোলা হৈছে। এই চিকিৎসালয়খনত মাতৃ আৰু শিশু যতনৰ বাবে থকা উন্নত ক্লিনিকেল কেয়াৰ, অত্যাধুনিক প্রযুক্তি আৰু বিশেষ সেৱাসমূহে মহিলা আৰু শিশুসকলক উচ্চমানৰ চিকিৎসা সেৱা আগবঢ়োৱাত সহায় কৰিব। কেৱল অসমেই নহয়, সমগ্র ওচৰ-চুবুৰীয়া ৰাজ্যসমূহেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব। মহিলা আৰু শিশুৰ বাবে থকা এই সুবিধাই প্রসূতি, স্ত্রীৰোগ, নৱজাতক, বন্ধ্যাত্ব আৰু শিশু চিকিৎসাৰ ক্ষেত্ৰত বিশেষ মানসম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে স্বাস্থ্যসেৱাৰ সুবিধাৰ লগতে চিকিৎসা শিক্ষা সুলভ কৰি তোলাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। অসম চৰকাৰে সেই লক্ষ্যৰে ৰাজ্যজুৰি ২৪খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দিশত কাম কৰি আছে। দৈনিক বৃদ্ধি হোৱা ৰোগীৰ সংখ্যাৰ প্ৰতি ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বৰ্তমানৰ সুবিধাসমূহ বৃদ্ধি কৰাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰাৰ কথা উল্লেখ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনক ৫ হাজাৰ বিছনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীসকলৰ ক্ৰমবর্ধমান প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ জৰিয়তে এই প্রয়োজনীয়তা পূৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশু যতন কেন্দ্ৰৰ শুভাৰম্ভণিৰ জৰিয়তে অম্বুজা নেওটিয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেডে অসমত চিকিৎসা সেৱাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসালয়খনে মহানগৰীৰ মাতৃ আৰু শিশুৰ বাবে গুণগত চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। অসমত স্বাস্থ্যসেৱা খণ্ডৰ বিকাশৰ বাবে অপৰিসীম সম্ভাৱনা আছে আৰু এইক্ষেত্ৰত সুলভ তথা উন্নত চিকিৎসা সেৱাৰ যথেষ্ট প্রয়োজনীয়তা আছে। তেওঁ চিকিৎসালয়খনৰ কাৰ্যকৰী সা-সুবিধাৰ ক্ষেত্রত নেওটিয়া গ্রুপক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্রদান কৰে।