১০০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ ঘোষিত শূন্য সহনশীল নীতিক প্ৰত্যাহ্বান

pc Facebook

১০০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ ঘোষিত শূন্য সহনশীল নীতিক প্ৰত্যাহ্বান

অনলাইন বাৰ্ত্তাসেৱা – ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে ঈশান উদয় ছাত্র বৃত্তি আঁচনিত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত প্রায় ১০০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ ঘোষিত শূন্য সহনশীল নীতিক প্ৰত্যাহ্বান জনায় । ছাত্র সংগঠনটোৰ উপ সভাপতি লক্ষ্যজ্যোতি গগৈ, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা আৰু সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই এক সংবাদমেল সম্বোধন কৰি ৰাজ্যজুৰি চৰ্চা লাভ কৰা ১০০ কোটি টকাৰ ছাত্ৰ বৃত্তি কেলেংকাৰী সন্দৰ্ভত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। লক্ষ্যজ্যোতি গগৈয়ে ঈশান ছাত্র বৃত্তি কেলেংকাৰীক দেশৰ্ ইতিহাসত সর্ববৃহৎ ছাত্র বৃত্তি কেলেংকাৰী বুলি অভিহিত কৰি কয় যে এই আঁচনিৰ অধীনত কেৱল অসমতেই ৭৬ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে। ২০২০-২১ বৰ্ষত ঈশান ছাত্র বৃত্তি আঁচনিত এই বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি লক্ষ্যজ্যোতি গগৈয়ে কয় বিশ্ববিদ্যালয় অনুদান আয়োগে ২০১৪ চনৰ পৰা এই আঁচনিৰ জৰিয়তে স্নাতক আৰু কাৰিকৰী শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক মেধাৰ ভিত্তিত বৃত্তি প্রদান কৰিছিল। সেই অনুসৰি কাৰিকৰী শিক্ষাগ্ৰহণ কৰাসকলক বছৰি ৭৮,০০০ টকা আৰু স্নাতক পৰ্যায়ত শিক্ষাগ্ৰহণ কৰাসকলক বছৰি ৫৪,০০০ টকাকৈ বৃত্তি প্ৰদান কৰি আহিছে। উল্লেখ্য যে ইউজিচিৰ এই ছাত্ৰ-বৃত্তিৰ বাবে ন্যূনতম ৭৫ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰে। কিন্তু ২০২০-২০২১ বৰ্ষৰ ঈশান উদয় ছাত্রবৃত্তিৰ বাবে নিৰ্বাচিত হোৱা তালিকাখনৰ ভিত্তিত অনুসন্ধান কৰি দেখিবলৈ পোৱা গৈছে সৰ্বমুঠ ৫৬৫ খন শিক্ষানুষ্ঠানৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৮০১৩গৰাকী আৰু কেৱল অসমৰ ৫৮১৭গৰাকী ছাত্ৰ-ছাত্ৰী ঈশান উদয় ছাত্রবৃত্তিৰ বাবে নিৰ্বাচিত হৈছে।