১০টাকৈ ট্ৰেড ইউনিয়নৰ আজি ভাৰত বন্ধৰ

১০টাকৈ ট্ৰেড ইউনিয়নৰ আজি ভাৰত বন্ধৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্প’ৰেট পন্থীৰ সপক্ষত শ্রমিকবিৰোধী নীতি গ্রহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আজি দেশজুৰি ধৰ্মঘট। ১০ কেন্দ্রীয় ট্রেড ইউনিয়নে আজি ঘোষণা কৰা ভাৰত বন্ধত সমগ্র দেশতেই অচলাৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সংগঠিত আৰু অসংগঠিত খণ্ডৰ ২৫ কোটিতকৈও অধিক শ্রমিকে আজি এই ধৰ্মঘট তথা ভাৰত বন্ধত অংশগ্ৰহণ কৰিব। অল ইণ্ডিয়া ট্রেড ইউনিয়ন কংগ্রেছ (এআইটিইউচি), ইউনাইটেড ট্রেড ইউনিয়ন কংগ্রেছ (ইউটিইউচি), অল ইণ্ডিয়া চেন্ট্রেল কাউঞ্চিল অৱ ট্রেড ইউনিয়নছ (এআইচিচিটিইউ), ছেল্ফ এমপ্লয়িড অ’মেনছ এছ’চিয়েচনছ (সেৱা), হিন্দু মজদুৰ ইউনিয়ন (এইচএমএছ), ট্রেড ইউনিয়ন কো-অর্ডিনেচন চেণ্টাৰ (টিইউচিচি), লেবাৰ প্ৰগ্ৰেছিভ ফেডাৰেচন (এলপিএফ), অল ইণ্ডিয়া ইউনাইটেড ট্রেড ইউনিয়ন চেণ্টাৰ (এআইইউটিইউচি), ইণ্ডিয়ান নেচনেল ট্রেড ইউনিয়ন কংগ্রেছ (আইএনটিইউচি) আৰু চেণ্টাৰ অৱ ইণ্ডিয়ান ট্রেড ইউনিয়ন (চিটু)ৰ আহ্বানত আজি ঘোষিত ভাৰত বন্ধত দেশৰ কৃষি খণ্ডৰ লগত জড়িত সকলো সংগঠনে সমর্থন আগবঢ়াইছে। ২৫ কোটিতকৈও অধিক শ্রমিকে অংশগ্রহণ কৰিবলগীয়া এই ভাৰত বন্ধৰ বাবেই আজি বিত্তীয় প্রতিষ্ঠান আৰু বেংক সেৱা, ডাক সেৱা, ঔদ্যোগিক আৰু কয়লা গোট, আঞ্চলিক পৰিবহণ নেটৱৰ্ক, চৰকাৰী কার্যালয় আৰু ৰাজহুৱা খণ্ডত বিৰূপ প্রভাৱ পৰিব। কেন্দ্রীয় শ্রম মন্ত্রী মনচুখ মাণ্ডাভিয়াক বিগত বর্ষত সংগঠনকেইটাই ১৭ দফীয়া দাবীপত্র দাখিল কৰাৰ পাছতো চৰকাৰে কোনোধৰণৰ সহানুভূতি দেখুওৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিততেই কাইলৈ বন্ধ ঘোষণা কৰা হৈছে। বিদেশী আৰু দেশীয় কৰ্প’ৰেটৰ স্বাৰ্থত কাম কৰি থকা কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ প্ৰতি দেখুওৱা অৱহেলাৰ বাবেই আজি ধর্মঘট ৰূপায়ণ কৰিব।