১জনীয়া ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে এছআইটি আৰু আদালতৰ পিছত এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত ভাষ্য প্রদান কৰে । প্রায় কেইবাঘণ্টাজুৰি সাক্ষ্য প্ৰদানৰ অন্তত বাহিৰলৈ ওলাই অহা গৰিমা শইকীয়া গার্গে সাংবাদিকৰ আগত কয় যে এছআইটিত যিখিনি সাক্ষ্য দিছিলোঁ সেইখিনিয়ে আজি ক’লোঁ। আদালতে আয়োগে আইন অনুসৰি সকলো কথা বিবেচনা কৰিব। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক পুনৰ অভিযুক্ত কৰি তেওঁ কয় যে প্রবাসী অসমীয়াসকলে কথাখিনি ভালদৰে ক’লে ইমান মেৰপেঁচ নহ’লহেঁতেন। য়টত থকা সকলোৰে চকুৰ সন্মুখত ঘটনাটো সংঘটিত হৈছে। গতিকে আমাৰ চকুত সকলো দোষী। জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্তকেইজনৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলি তেওঁ কয় যে জুবিনৰ নিচিনা এজন ব্যক্তিয়ে যেতিয়া এনে অৱস্থাৰ সম্মুখীন হ’ব লগা হ’ল গতিকে তেওঁলোক অসুৰেই হ’ব। এই দানৱবোৰৰ জীয়াই থাকি একো লাভ নাই।
