‘হৰ ঘৰ তিৰঙ্গা’ ৱেবছাইটত ত্ৰিৰংগাৰ সৈতে ৬ কোটিতকৈও অধিক চেলফি আপলোড 

Pc Free Press Journal

‘হৰ ঘৰ তিৰঙ্গা’ ৱেবছাইটত ত্ৰিৰংগাৰ সৈতে ৬ কোটিতকৈও অধিক চেলফি আপলোড 

ৰঙিলী বাৰ্ত্তাসেৱা-  অফিচিয়েল ৱেবছাইট অনুসৰি ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে মঙলবাৰে ৰাতিপুৱা লৈকে ত্ৰিৰংগাৰ সৈতে প্ৰায় ৬,০০,৪৩,৭৩৪ টা চেলফি ‘হৰ ঘৰ তিৰঙ্গা অভিযান’ ৱেবছাইটত আপলোড কৰা হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰি ‘হৰ ঘৰ তিৰঙ্গা’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছিল।