হৰমুজ প্রণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ইৰান আৰু ইজৰাইলৰ মাজৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ। ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ তীব্র উত্তেজনাৰ সময়তে চৰ্চাৰ মাজলৈ আহিছে হৰমুজ প্রণালী। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগে লগে বিশ্বজুৰি শংকাৰ সৃষ্টি হৈছে। ইতিমধ্যে ইৰানৰ সংসদে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত অনুমোদন জনাইছে। সংসদে অনুমোদন জনোৱাৰ পাছত যিকোনো মুহূর্ততে বন্ধ হ’ব পাৰে হৰমুজ প্রণালী। বিশ্বৰ তেল সৰবৰাহকে ধৰি বাণিজ্যিক ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী ইৰানে বন্ধ কৰিলে এছিয়াৰ দেশসমূহৰ লগতে বিশ্বৰ আন দেশৰ মাজতো তেলকে ধৰি বিভিন্ন সামগ্ৰীৰ নাটনিৰ সম্ভাৱনা বৃদ্ধি পাব। ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে। ফলশ্রুতিত বিশ্বৰ আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰশীল দেশসমূহত তেলৰ নাটনিৰ লগতে মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। হৰমুজ প্রণালী হৈছে পাৰস্য উপসাগৰৰ পৰা ওমান উপসাগৰৰ মাজৰ এটা প্ৰণালী। বিশ্বৰ তেল সৰবৰাহকে ধৰি বাণিজ্যিক ক্ষেত্রত কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী ইৰান আৰু ইউএইৰ দ্বাৰা নিয়ন্ত্রিত। ইৰানে বন্ধ কৰি দিলে এছিয়াৰ দেশসমূহৰ মাজত তেল আমদানিকে ধৰি বিভিন্ন সামগ্রী আমদানিত প্রতিবন্ধকতাৰ সৃষ্টি হ’ব। উল্লেখ্য হৰমুজ প্রণালী ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্য, ৯২ৰ পৰা ৩৯ কিলোমিটাৰ প্ৰস্থৰ। বিগত সময়ত বিভিন্ন সংঘৰ্ষ আৰু সংঘাতৰ মাজতো হৰমুজ প্রণালী বন্ধ কৰি দিয়া নাছিল ইৰানে। কিন্তু এইবেলি ইৰানে এই হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ পক্ষত থিয় দিছে। যিকোনো সময়তে হৰমুজ প্রণালীটো বন্ধ কৰিব পাৰে। হৰমুজ প্রণালীৰে বিশ্বৰ ২০ শতাংশ তেল আৰু এলএনজি সৰবৰাহ হয়। ইয়াৰ উপৰি এই প্ৰণালীৰে এছিয়া মহাদেশলৈ ৮০ শতাংশ তেলৰ সৰবৰাহ হয়। চীন, ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়ালৈ ইয়াৰে ৬৫ শতাংশ তেল সৰবৰাহ হৈ আহিছে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলে বিশ্বৰ সবাতোকৈ ব্যস্ত জাহাজ চলাচলৰ প্ৰণালীটোৱে বন্ধ হৈ পৰিব। পৰিপ্ৰেক্ষিতত আন্তর্জাতিক বাণিজ্যত প্রচণ্ড আঘাত পৰিব। গোলকীয় অৰ্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰিব। ইতিহাস চালে ২০২৩ চনত প্রথম ছয়মাহতে এই প্রণালীটোৰে প্ৰতিদিনে ২০ নিযুত বেৰেল খাৰুৱা তেল সৰবৰাহ হৈছিল। পৰৱৰ্তী সময়ত এই তেলৰ সৰবৰাহ বৃদ্ধি পাই আহিছে। অকল ইৰানেই এই প্ৰণালীৰে ১.৭ নিযুত বেৰেল খাৰুৱা তেল সৰবৰাহ কৰে। প্ৰণালীটো বন্ধ হ’লে বিশ্বৰ আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰশীল দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰাৰ দৰে ইৰানৰ অৰ্থনীতিৰ ওপৰতো প্রভাৱ পৰিব। ভাৰতেও এই প্রণালীটোৰে দেশত প্রয়োজনীয় তেলকে ধৰি বিভিন্ন সামগ্রী আমদানি কৰি আহিছে। স্মর্তব্য যে ১৯৮০ চনৰ শেষৰফালে ইৰান আৰু ইৰাকৰ মাজত চলি থকা ৮ বছৰীয়া যুদ্ধৰ সময়ত হৰমুজ প্রণালী বন্ধ কৰাৰ ব্যৱস্থা লৈছিল যদিও তেল সৰবৰাহকাৰী প্ৰকাণ্ড জাহাজসমূহ বন্ধ হোৱা নাছিল। উক্ত সময়ছোৱাত টেংকাৰ যুদ্ধ বুলি চর্চিত হৈছিল। আমেৰিকাই যুদ্ধ জাহাজেৰে নিৰাপত্তা দি হৰমুজ প্রণালীৰে তেলৰ টেংকাৰসমূহ চলাচল কৰাইছিল।