হ্ৰাস হৈছে নেকি শাৰদীয় দুৰ্গোৎসৱৰ আধ্যাত্মিকতা ? – দেবর্ষি গৌতম

Pc- Nativeplanet

হ্ৰাস হৈছে নেকি শাৰদীয় দুৰ্গোৎসৱৰ আধ্যাত্মিকতা ?

দেবর্ষি গৌতম
                        বনগাঁও

       দুৰ্গা পূজা হল ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিটো প্ৰান্ততে উদযাপন কৰা এক ধর্মীয় অনুষ্ঠান। সাধাৰণতে দুৰ্গা পূজা আহিন মাহৰ শুক্লা পক্ষৰ ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হয় আৰু দশমী দিনা অন্ত পৰে। দশমীৰ দিনা সকলোৱে মিলি পূজাৰ বাবে অনা দেৱী দূর্গাৰ প্ৰতিমাক নদীৰ ঘাটত বিসৰ্জন দিয়ে। প্ৰতি বছৰে দুৰ্গা পূজাৰ পাঁচ দিন সকলো লোকে এক আধ্যাত্মিক মনোভাব লৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দুৰ্গা পূজাৰ আনন্দ উল্লাসত মতলীয়া হৈ থাকে। মূলত দুৰ্গা পূজা হৈছে সমাজৰ অপায় অমংগল দূৰ কৰি অশুভ শক্তি শক্তিক দমন কৰি সমাজত শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ এই বাতাবৰণ সৃষ্টিৰ বাবে উদযাপন কৰা এক ধৰ্মীয় উৎসৱ। দুৰ্গা পূজাৰ প্ৰতিটো দিনতে মা দুৰ্গা দেৱীৰ পৰা আশীষ বিচাৰি বহু লোকে ব্ৰত ৰাখে। অসমত দুৰ্গা পূজা পালন কৰাৰ ইতিহাস বহু পুৰণি। আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনটো দুৰ্গা পূজা পালন কৰা হৈছিল। আহোমৰ দিনৰে পৰা দুৰ্গাপূজাৰ মহা অষ্টমীৰ দিনটোত কুমাৰী পূজা কৰা হয়। এই ইতিহাসৰ পৰা আমি এটা কথা নিশ্চিত হব পাৰো যে অসমত দুৰ্গা পূজা পালন কৰা ইতিহাস শতিকা পুৰণি। আহোম সকলে দুৰ্গা পূজা পালন কৰাৰ সময়ৰে পৰা পূজা অৰ্চনা কৰিবলৈ বলি-বিধান প্ৰক্ৰিয়া চলি আহিছে। বর্তমানেও বহু দেব-দেৱালয়ত দুৰ্গা পূজাৰ সময়ত বলি প্ৰথাৰ প্ৰচলন হোৱা দেখা যায়। সময় যিহেতু পৰিৱৰ্তনশীল গতিকে সময়ৰ লগে লগে আমাৰ সমাজৰ বহু নীতি-নিয়ম আৰু প্ৰথাৰো সময়ে সময়ে পৰিৱৰ্তন হৈ অহা আমি দেখিবলৈ পাই আহিছোঁ। ঠিক একেদৰে পূৰ্বে যিদৰে বহুল ভাৱে দুৰ্গা পূজাৰ সময়ত বলি-বিধান প্ৰথা আছিল বৰ্তমান সময়ত সমাজ আৰু সমাজৰ লোকসকলৰ সচেতনতা বৃদ্ধিৰ ফলত বহু পৰিমানে এই প্ৰথা হ্ৰাস পাইছে। বলি-বিধান প্ৰথা আমাৰ সমাজত হ্ৰাস পোৱাটো সমাজৰ বাবে এক ইতিবাচক সংকেত। কিন্তু দূৰ্গা পূজাৰ ক্ষেত্ৰত সময়ৰ লগে লগে আৰু কিছুমান পৰিৱৰ্তন হোৱা সমাজৰ সচেতন সকলৰ দৃষ্টগোচৰ হৈছে। পূৰ্বৰ দিনবোৰত যিদৰে পৰিয়ালৰ সকলো সদস্যই একেলগে দুৰ্গা পূজা উপভোগ কৰিবলৈ যোৱাৰ এক পৰম্পৰা আছিল সেই পৰম্পৰা কিন্তু বৰ্তমান সময়ত আমাৰ সমাজৰ পৰা লাহে লাহে বিলুপ্ত হবলৈ গৈ আছে। ঠিক একেদৰে পূৰ্বে অনুষ্ঠিত হোৱা দুৰ্গা পূজা সমূহত যি এক শান্তিপূৰ্ণ পৰিবেশ বিৰাজ কৰিছিল সেই শান্তিপূৰ্ণ পৰিবেশ কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ নাপাওঁ। প্ৰায় অধিকাংশ পূজা বাকৰিত বিভিন্ন প্ৰসংগত হাই-কাজিয়া, মাৰ-পিট, অভব্য আচৰণ কৰা, এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা ইত্যাদি ঘটনা এক সাধাৰণ কাৰ্য্যলৈ পৰিণত হৈছে। ইয়াৰ উপৰিও নৱপ্ৰজন্মৰ যুৱক সকলে নিজকে আধুনিকতাৰ ধামখুমীয়াত বিলীন কৰি দিবলৈ গৈ অতি তীব্ৰ বেগত গাড়ী চলোৱাৰ ফলত দুৰ্গা পূজাৰ সময়ত পথ দুৰ্ঘটনাৰ সংখ্যা মাত্ৰাধিক হাৰত বৃদ্ধি পায়। দশমীৰ দিনা যেতিয়া মা দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সময় আহি পৰে তেতিয়াও আমি দেখিবলৈ পাওঁ যে একাংশ লোকে সুৰৰ ৰাগীত মতলীয়া হৈ বিসৰ্জনৰ সময়খিনিত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে। দেৱী বিসৰ্জনৰ সময়ত এই বিশৃংখলতাৰ বাবেই বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। আজিৰ সময়ত কিবা অনুষ্ঠান বুলি কলে একাংশ লোকৰ বাবে সুৰাই হৈ পৰে অনুষ্ঠানত আনন্দ উল্লাস কৰাৰ একমাত্ৰ মাধ্যম। সেয়া লাগিলে ধৰ্মীয় অনুষ্ঠানে হওক অথবা অন্য অনুষ্ঠানে হওক। সুৰা অবিহনে যেন এটা অনুষ্ঠানত আনন্দ-উল্লাস কৰাৰ মাদকতা সেই সুৰা সেৱন কৰা লোকসকলে বিচাৰিয়ে নাপায়। সময়ৰ লগে লগে সকলো সলনি হয় এইয়া সমাজৰ এক নিয়ম কিন্তু সমাজ সলনি হোৱাৰ নামত, আধুনিকতাক আঁকোৱালি লোৱাৰ নামত, নিজকে আধুনিক যুগৰ বুলি প্ৰমাণ কৰাৰ নামত এনেবোৰ বহুৱালী সমাজৰ বাবে এক অশনি সংকেত। এনেবোৰ কাৰ্য্যক সমাজৰ সচেতন লোকসকলে সমৰ্থন কৰা মানে আমাৰ উঠি অহা প্ৰজন্মৰ ভবিষ্যতক এক অন্ধকাৰৰ মাজলৈ ঠেলি দিয়াৰ বাহিৰে আন একো নহব। পৰিবৰ্তন আৰু আধুনিকতাৰ নামত কৰা বহুৱালী সমূহৰ বিৰুদ্ধে সমাজৰ সচেতন লোকসকলে দৃঢ়তাৰে মাত মাতিব লাগিব তেতিয়াহে আমাৰ সমাজখন কিছুমান কুসংস্কাৰৰ পৰা মুক্ত হব পাৰিব। সমাজৰ প্ৰতিগৰাকী লোকে নিজৰ মনত আধ্যাত্মিক ভাবক জন্ম দিব পৰাটো আমাৰ সমাজৰ বাবে অতিকৈ শুভ লক্ষণ। সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা দুৰ্গা পূজাৰ নিচিনা এক আধ্যাত্মিক তথা ধর্মীয় অনুষ্ঠানত যদি মানুহে শুদ্ধ মনেৰে দেৱীৰ আৰাধনা কৰে তেনেহলে মানুহৰ মনত আধ্যাত্মিক ভাব জাগ্ৰত হোৱাটো নিশ্চিত। আধ্যাত্মিক চিন্তা ধৰাই মানুহৰ মন-মগজু বহু পৰিমানে শান্ত কৰি ৰাখে। আধ্যাত্মিকতাই মানুহক যিকোনো পৰিস্থিতিৰ সৈতে মকবিলা কৰিবলৈ সাহস দিয়ে। আধ্যাত্মিকতাই মানুহৰ মনত যোগাত্মক চিন্তা-চৰ্চা কৰিবলৈ এক শক্তিৰ সঞ্চাৰ কৰে। আধ্যাত্মিকতাই মানুহক জীৱনত ইতিবাচক চিন্তাৰে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগায়।