হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ দাম
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত হ্ৰাস পাইছে এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য। ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস কৰা হৈছে। এই সিদ্ধান্ত স্বাভাৱিকতেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে সকাহৰ খবৰ হিচাপে বিবেচিত হৈছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ এই নতুন দৰ আজিৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব। এই নতুন দৰ নিৰ্ধাৰণ কৰাৰ পিছত দেশৰ ৰাজধানী দিল্লীত এতিয়া ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য আজিৰে পৰা ১৬৬৫ টকা হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পালেও অৱশ্যে ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। উল্লেখ্য যে তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে ১ জুনত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰিছিল। এই সময়ছোৱাত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৪ টকা হ্ৰাস কৰা হৈছিল। তাৰ পিছত দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৭২৩.৫০ টকালৈ হ্ৰাস পাইছিল। এই দৰ হ্ৰাসৰ পূৰ্বে দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল ১৭৪৭.৫০ টকা। তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰে আৰু আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য, টকাৰ অৱস্থান আৰু বজাৰৰ অন্যান্য পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দৰ সলনি কৰে। ২০২৪ চনৰ মে’ মাহতো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছিল। এতিয়া একেৰাহে দুমাহৰ এই দৰ হ্ৰাস বজাৰৰ বাবে বিশেষকৈ ৰেষ্টুৰেণ্ট আৰু খাদ্য উদ্যোগৰ দৰে খণ্ডৰ বাবে এক সকাহ হিচাপে বিবেচিত হৈছে।