হে সময়.. – মানসী মিশ্ৰ

Pc Time and Date

হে সময়..

মানসী মিশ্ৰ

হে সময়….
তুমি হেনো থমকি নোৰোৱা
তুমি হেনো পলকতে শেষ হোৱা
সময়, তোমাৰ হেনো প্ৰতিটো
পল, অনুপল মনত ৰৈ যোৱা
হে সময়, কিমান যে কি
সুখ, দুখ, পোৱা আৰু নোপোৱা
সকলো নিজৰ বুকুতে সামৰি লোৱা।
এনেকৈয়ে প্ৰতিটো পল, অনুপল
পূৰ্বৰ পৰা পশ্চিমলৈ আগবাঢ়ি যায়
পূৰ্ণিমাৰ টিক টিক জোনটো গৈ
নিমিষতে দেখোন কাঁচিজোন হয়
এনেকৈয়ে থমকি নৰয় সময়
এৰা, ঠিক এনেকৈয়ে সপোন আহে, যায়
হয় জানানে, ঠিক এনেকৈয়ে, এনেকৈয়ে
আগবাঢ়ি যায় সময় একগতি হৈ।