হে শিক্ষা গুৰু ৰাধাকৃষ্ণণ  – ছেলিমা বেগম

হে শিক্ষা গুৰু ৰাধাকৃষ্ণণ 

ছেলিমা বেগম
নগাঁও

হে নমস্য শিক্ষা গুৰু ৰাধাকৃষ্ণণ,
পাঁচ চেপ্তেম্বৰ তাৰিখে তোমাক কৰো স্মৰণ।
তোমাৰ আদৰ্শ পালন কৰি
শিক্ষা আছে আজিও আগবাঢ়ি।
দিছিলা তুমি জ্ঞানৰ পোহৰ বিলাই শিক্ষা জগতত
সূৰ্য্যৰ লগত তোমাক তুলনা কৰিলে ভুল নহ’ব ।
সূৰ্য্যৰ পোহৰত আমি তেনেকৈ বাট দেখিব পাৰি তুমি দেখুৱাই দিছিলা শিক্ষাৰ পোহৰ।
এজন আদৰ্শ শিক্ষক, দাৰ্শনিক পণ্ডিত হৈ জগত জিলিকি দেখুৱাই দিলা,
ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰাই আছিল তোমাৰ মূল উদ্দেশ্য।
ৰাজনৈতিক জগতত তোমাৰ নাম নুই কৰিব নোৱাৰিম ।
হে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়া তোমাৰ জন্ম দিনত
ভাৰতবৰ্ষৰ সকলো মিলি পালন কৰোঁ শিক্ষক দিৱস।