হে ‘ মহৰ্ষি তোমাক প্ৰণাম – মুন শৰ্মা

হে ‘ মহৰ্ষি তোমাক প্ৰণাম

মুন শৰ্মা, লখিমপুৰ

বিশ্ব বিশ্ৰুত বিশ্ব বৰেণ্য,
তুমি প্ৰেৰণা তুমি সাহস,
তুমি আস্থা তুমি মুক্তিৰ এটি গান।
এটি এটি সকিয়নি এটি এটি বিচাৰ,
এটি প্ৰভাত তুমি, এখনি জোনাকৰ মেল,
 অশান্তিৰ কাষত  এটি  আশাবাদৰ চিঞৰ তুমি।
সত্তা তুমি প্ৰতিবাদৰ, পূজাৰী তুমি মানৱতাৰ,
কণ্ঠ তুমি জগত সভাৰ,  চানেকি তুমি মহানতাৰ
চিন্তা তুমি ভৱিষ্যতৰ প্ৰেমিক তুমি বুঢ়া লুইতৰ।
নহয় যাযাবৰী,কিয় কোৱা নাই মোৰ নিজা ঘৰ!
প্ৰতি হৃদয়  প্ৰতি থাপনা দেখোন তোমাৰ নামত।
পাহাৰ ভৈয়াম একত্ৰিত মাত্ৰ তোমাৰ গানত
সম্প্ৰীতিৰ  বাৰ্তা বাহক সন্তান
তুমি অসমী আইৰ ৰত্ন তুমি ভাৰতৰ ।
হে’ মহৰ্ষি তোমাক প্ৰণাম,
জন্মৰ শতবাৰ্ষিকী এই পৱিত্ৰ ক্ষনত,
এপাহী শুকুলা কুসুম তোমাৰ চৰণত,
 জনাইছোঁ আমি শ্ৰদ্ধাঞ্জলি তোমাক,
যতেই আছা কুশলে থাকা,
হে’ মহৰ্ষি  তোমাক প্ৰণাম।।