হেৰোৱা সপোনৰ সুবাস
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
নিশাৰ নিৱিড় নীৰৱতাত
স্বপ্নবোৰো আজি বাউলী, শব্দহীন;
বতাহে কৈ যায় যেন
বেদনাৰ এটি এটি কৰুণ সুৰ।
লিখি থওঁ স্মৃতিৰ পাতত,
হেৰাই যোৱা এটি কাহিনী
য’ত এদিন ফুলিছিল কৃষ্ণচূড়া, বেঙুণী এজাৰ।
ম্লান হ’ল সেউজীৰ দীপ্তি,
চেতনাত নিঃশেষ এক নিৰ্বাক ভাষা;
জোনাকৰ আঁচলতো নাই আজি
সপোনৰ পুৰণি আভা।
তথাপিও ৰচোঁ, প্ৰতীক্ষাৰ শিকলিৰে,
স্বপ্ন-ছাঁত হেৰোৱা কল্পলোকৰ সুখ ।
হয়তো এদিন—নিবিড় প্রভাতত,
ফুলি উঠিব কৃষ্ণচূড়া, এজাৰ
আনিব পুনৰ হেৰোৱা সপোনৰ সুবাস।