হেৰুৱা মানুহ
মনীষা শৰ্মা, মৰিগাঁও
হেৰুৱা মানুহৰ
ভালবোৰ বৰকৈ বিয়পে।
উশাহবোৰ নোহোৱাৰ লগে লগে
বেয়াবোৰে মেলানি মাগে।
তেওঁ আছিল সেয়াই—
বহুত আছিল যেন,
সকলোৰে বাবে।
সেই বিশেষ গুৰুত্ব
তেওঁ তেতিয়াহে পায়,
জীৱন-ডিঙাৰ ব’ঠা
হেৰাই যিদিনা।
জীৱনটো থাকোতে
তেওঁৰ কথা ভাবিবলৈ
থাউনি নাপায় কেউ।
চৰম সত্য—
যিদিনা ভগৱানৰ বিচাৰ,
সেইদিনাই চাগৈ
চকুলোৰে নিজৰা বোৱাই
আপোন মানুহবোৰে
ৰ লাগি চায়।