হেৰুৱাব খোজা সেউজী সপোনৰ বাট – কল্পনা বৰা

PC - Freepik

হেৰুৱাব খোজা সেউজী সপোনৰ বাট

কল্পনা বৰা, মেৰাপানী, গোলাঘাট

অতীতৰ এটি সোণোৱালী পৃষ্ঠা আছিল সেউজী পথাৰৰ বুকুত,
নাঙলৰ জুঁৱলীত ধৰি সোণসেৰীয়া সপোনবোৰো সিঁচি দিছিলোঁ,
উঁৱলি যাব ধৰা সপোনে পোখা মেলি হাঁহি উঠিছিল মোৰ দুচকুত ।
পঁইতা ভাত মুঠিও এহাতে লৈ যাওঁ পুৱাই উঠি
আলু,কচু পিটিকাৰ ভাতসাজতেই যে কিমান তৃপ্তি!
কাহিলী পুৱাতে ওলাই আহি
ফিকা চাহকাপৰ সোৱাদ লোৱা
এজাৰৰ ছাঁ পৰা ঠাইকণো নাই এতিয়া…।
কোন দানৱৰ হাততেই বা প্ৰাণ দিলে এজাৰ গছে..?
ৰান্ধনী বেলিটি অস্ত যোৱাৰ দৰেই
সামৰি ল’লে সকলো আধুনিকতাৰ পৰশত চহা জীৱনে ।
মোৰ বলধহালো নাই এতিয়া ,
কুকুৰাৰ ডাকতে সাৰ পাই খৰখেদাকৈ উঠি পুৱাতে ওলাই যাবলৈ….।
এই যে ৰ’দ বৰষুণ নেওচি জাপিটোকে মূৰত লৈছিলোঁ,
এতিয়া নাজানো ক’ৰ এচুকুত পৰি আছে !
নতুবা ভাঙি পৰি মাটিৰ লগত লীন হ’ল কোনোবা যুগতে..!
উদং বুকুখন লৈ ওলাই যাওঁ পথাৰৰ মাজবক্ষলৈ..,
চাৰিওফালে কেৱল যান্ত্ৰিকতাৰ শব্দ;
সময়ৰ পৃষ্ঠাবোৰ লুটিয়ালেও বিচাৰি নাপাওঁ…
সেই তাহানিতে হেৰাই যোৱা জাতিৰ সম্পদ।
কেঁচা মাটিৰ গোন্ধই আহি চুই যাব পৰা নাই মোক,
পথাৰৰ বুকুৰ কেঁচা আলিবোৰো পকী ৰাস্তা হ’ব কেতিয়াবা…
আৰু…
সেই তামোলৰ পিকেৰে দু ওঁঠ ৰঙা কৰি প্ৰাণজুৰোৱা হাঁহি লৈ,
ভূঁই ৰোৱা জাক জাক ৰোৱনীবোৰো হেৰাই যাব
সময়ৰ কোবাল সোঁতত উটি উটি গৈ…।