হেৰুৱাই বুজিলোঁ মূল্য তোমাৰ
ইভা গন্ধীয়া ফুকন
সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচাৰ গানৰে
উজ্জ্বল নক্ষত্ৰ তুমি
তোমাৰ সুৰৰ মূৰ্চনাত ঝংকাৰিত সমগ্ৰ জাতি
কোনো সমালোচনা কেৰেপ নকৰি
নিজৰ সৃষ্টি বিলায় দি
হে মহান শিল্পী তুমি
ৰাখিলা কিৰীতি যুগ- যুগান্তৰলৈ
চিৰ যুগমীয়া কণ্ঠস্বৰ
প্ৰতিভা চিৰস্মৰণীয়
হেৰুৱাই বুজিলোঁ মূল্য তোমাৰ
তোমাৰ গানবোৰ উৰি যায় পাখি মেলি
পৰ্বতে- পাহাৰে, আকাশে – বতাহে
প্ৰতিজনৰ অন্তৰে অন্তৰে
নীৰৱ প্ৰাৰ্থনা হৈ গৰিমা বঢ়ায়
কেতিয়াবা সুৰকাৰ কেতিয়াবা গীতিকাৰ
কেতিয়াবা অভিনেতা কেতিয়াবা পৰিচালক
কেতিয়াবা প্ৰেমিক কেতিয়াবা অভিভাৱক
তুমি আছিলা মুক্ত
সেয়ে হয়তো বাচি ল’লা সাগৰৰ বক্ষ
হৈ ৰ’লা জ্যোতিষ্ক অনন্ত কালৰ।