হেল্থ চিটিত প্ৰতিজন জন্মগত হদৰোগ ৰোগীৰ বাবে আশাৰ সঞ্চাৰ

হেল্থ চিটিত প্ৰতিজন জন্মগত হদৰোগ ৰোগীৰ বাবে আশাৰ সঞ্চাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিজন জন্মগত হৃদৰোগ ৰোগীৰ বাবে আশাৰ সঞ্চাৰ ভাৰতে বিশ্বৰ জনসংখ্যাৰ তালিকাত শীৰ্ষস্থান দখল কৰাৰ লগতে ভাৰতত জন্মগত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে (প্ৰতি ১০০০ শিশুৰ বিপৰীতে ১০) । পিতৃ-মাতৃৰ বাবে আক্ষৰিক অৰ্থত এক দুঃস্বপ্ন হৈ পৰে যেতিয়া তেওঁলোকে গম পায় যে তেওঁলোকৰ সন্তানৰ জন্মগত হৃদৰোগ আছে। জন্মগত হৃদৰোগ সহজ বা জটিল হ’ব পাৰে। ইয়াৰে কিছুমান ইমানেই জটিল হ’ব পাৰে যে শিশুটিয়ে ৰোগ ধৰা পৰাৰ আগতেই মৃত্যুবৰণ কৰিব পাৰে। আনহাতে, এজন ব্যক্তি প্ৰাপ্তবয়স্ক বয়সতো কিছুমান জন্মগত হৃদৰোগ ধৰা পৰিব পাৰে। যোৱা কেইবছৰমানৰ পৰা দেশত এনে ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বহু উন্নতিও হৈছে। এইক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ হাস্পতাল গুৱাহাটীৰ খানাপাৰা স্থিত Health City Hospital য়ে এক উল্লেখনীয় পদক্ষেপ লৈ যোৱাতো ৮ মাহ সময়চোৱাত মুঠ ২৫০ জন জন্মগত হৃদৰোগ ৰোগীৰ সফল চিকিৎসা কৰি অঞ্চলটোত এক নতুন অভিলেখ সৃষ্টি কৰিছে। ভাৰতবৰ্ষৰ অন্যতম হৃদৰোগ শল্য চিকিৎসক ডাঃ ভবানন্দ দাসৰ তত্বাবধানত হাস্পতাল খনৰ বিশিষ্ট শিশু হৃদৰোগ চিকিৎসক Interventional Pediatric Cardiologist ডাঃ সৌৰভী দাস আৰু শিশুহৃদৰোগ শল্য চিকিৎসক ডাঃ নইম ৰাজা ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট কাৰ্ডিয়ক এনাস্থেথিস্ত ডাঃ হেমজিৎ তালুকদাৰ আৰু বিশেষজ্ঞ দলটোৰ দ্বাৰা সফলতাৰে ইতিমধ্যে বহু কেইটা জটিল জন্মগত হৃদৰোগৰ চিকিৎসা কৰা হৈছে। এই ২৫০ জন জন্মগত হৃদৰোগ ৰোগীৰ ভিতৰত ৫০ জন ডাঃ সৌৰভি দাস আৰু তেওঁৰ দলটোৱে কী হোল অস্ত্ৰোপচাৰ ( অৰ্থাৎ বুকুত কোনো দাগ নোহোৱাকৈ)ৰ দ্বাৰা চিকিৎসা কৰিছে। আৰু জন্মগত হৃদযন্ত্ৰৰ বিসংগতি থকা ২০০ শিশু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰি সুস্থ কৰি তোলে কাৰ্ডিয়াক চাৰ্জন ডাঃ নায়েম ৰাজা আৰু দলটোৱে। এই ৰোগীসকল অসমৰ সকলো জিলাৰ পৰা অসম চৰকাৰৰ চি এইচ ডি আঁচনি ৰ অধীনত বিনামূলীয়া চিকিৎসা কৰা হৈছিল। শেহতীয়াকৈ ডাঃ সৌৰভি দাসে অতি বিৰল পদ্ধতিৰে এটি ৯ মহীয়া শিশুৰ চিকিৎসা কৰি সুস্থ কৰি তোলে আৰু যিটো পদ্ধতি ভাৰতৰ খুব কম কেইখনমান চিকিৎসালয়হে কৰে। এই পদ্ধতিৰ দ্বাৰা ৯ মহীয়া শিশুটি ৰক্ষা পৰে, যিগৰাকীৰ হৃদযন্ত্ৰৰ বিসংগতিৰ ফলত হাওঁফাওঁলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ সোঁত নোহোৱাৰ বাবে নীলা হৈ পৰিছিল আৰু অচেতন হৈ পৰিছিল। ডাঃ সৌৰভিয়ে শিশুটি ভেন্টিলেচনত থকাৰ সময়ত ষ্টেণ্ট (RVOT STENTING) লগাই তেজৰ সোঁতটো মুকলি কৰি দিয়ে। বহু জটিল হৃদৰোগৰ সফলতাৰে অস্ত্ৰপ্ৰচাৰ কৰি হাস্পতালৰ পৰা ছুটী কৰা হৈছিল আৰু অ’পিডিত অনুসৰণ কৰি ভাল ফলাফল পোৱা গৈছে। এনে জটিল আৰু প্ৰত্যাহ্বানমূলক ক্ষেত্ৰসমূহৰ ভিতৰত কেইটামান হ’ল- সম্পূৰ্ণ এনোমেলাছ পালমোনাৰী ভেনাছ কানেকচন (TAPVC) মেৰামতি, টেট্ৰালজি অৱ ফেল’ট মেৰামতি, এওৰ্ট’-পালমোনাৰী উইণ্ড’ মেৰামতি,ছুপ্ৰামাইট্ৰেল মেমব্ৰেন ৰিচেকচন আৰু গুৰুতৰ পালমোনাৰী হাপাৰটেনচনৰ সৈতে কেইবাটাও ভেন্ট্ৰিকুলাৰ চেপটাল ডিফেক্ট। শেহতীয়াকৈ এ পি উইণ্ডো ( AP Window) নামেৰে জনাজাত হৃদযন্ত্ৰৰ পৰা ওলাই অহা বৃহৎ ধমনী দুটাৰ মাজত বৃহৎ অস্বাভাৱিক সংযোগ থকা তথা গুৰুতৰভাৱে পুষ্টিহীনতাত ভুগি থকা ৪ কেজি ওজনৰ এটা শিশুক ডাঃ নায়েম ৰাজা আৰু বিশেষজ্ঞ দলটোৱে সফলতাৰে অস্ত্ৰোপচাৰ কৰিছে। আৰু সেই ৰোগী গৰাকী এতিয়া সুস্থ অৱস্থাত আছে।আমি হেল্থ চিটিত সমগ্ৰ অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰা জন্মগত হৃদৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে উত্তম চিকিৎসা প্ৰদান কৰাৰ আশা কৰিছো।