হেলমেট – কাজি শ্বাহাদত ইছলাম

PC - Times of India
হেলমেট
হাইওৱেটোত বৰ ডাঙৰ এক্সিটেণ্ড এটা হোৱাত পৰিস্থিতিৰ বুজ ল’বলৈ আগুৱাই যোৱাত দেখা পালোঁ যুৱক এজনৰ হাত,মূৰ,ভৰি ইত্যাদি অংগবোৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰি আছে।আচলতে আজি প্ৰথমবাৰৰ বাবে প্ৰেয়সীৰ স’তে লগ কৰিব বুলি চুলিবোৰ বেয়া হোৱাৰ চিন্তাত হেলমেট নিপিন্ধাকৈয়ে টু-টুৱেন্টিখন লৈ ঘৰৰ পৰা ওলাইছিল তেওঁ।
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা