হেলমেটৰ আঁৰৰ মুখ খন
ফখৰুদ্দিন আহমেদ
অসম বিখ্যাত কৃষি প্ৰকল্পৰ বাবে জনাজাত হোৱা গৰুখুটিৰ অন্তৰ্গত ৰূপৰিকাষত বিয়া দিয়া ভাগিন ছোৱালীজনীৰ পিত্তত হোৱা পাথৰ অপাৰেচনৰ খবৰ লৈ উঠি মংগলদৈৰ প্ৰখ্যাত নাৰ্চিংহোম দেবচন্সৰ সমূখত হেমলেট পৰিধান কৰি ঘৰলৈ বুলি স্কুটীত বহি পৰিবাৰলৈ অপেক্ষা কৰি আছিলোঁ৷ তাৰিখ আৰু বাৰ আছিল ক্ৰমে ২১ জুন, ২০২৪ আৰু শুক্ৰবাৰ ৷ যিটো দিনক বছৰৰ দীৰ্ঘতম দিন হিচাপে জনা যায় ৷
স্বাভাবিক ভাবেই প্ৰায় এমাহ ধৰি দিয়া বৰষুণৰ পিছত ৰ’দৰ তীব্ৰতা সেই মুহূৰ্তত বাৰুকৈয়ে অনুভৱ কৰি আছিলোঁ ৷ এনেতে এহাল সম্ভ্ৰান্ত যেন লগা দম্পতিয়ে মাজত এটি মৰমলগা শিশুক বহুৱাই লৈ বাইকেৰে মোৰ ওচৰেদি পাৰ হৈ যোৱা দেখিলোঁ ৷ মই পুনৰ পৰিবাৰৰ বাবে অপেক্ষাৰ ধাৰাবাহিকতাত ব্যস্ত হ’লোঁ ৷ ক্ষন্তেক পিছত পিছ ফালৰ পৰা ঘুৰি আহি ‘অ দাদা, আপুনিহে ‘ বুলি দম্পতিহালৰ পুৰুষজনে মাত দিলে ৷ তেৱোঁ ধুনীয়াকৈ সম্পুৰ্নকৈ মুখমণ্ডল আৱৰি এটি হেলমেট পিন্ধি আছিল ৷ মই কোনো কাৰণতেই তেওঁক চিনিব পৰা নাছিলোঁ ৷ মোৰ লগতে পৰিয়ালৰ খবৰ বাতৰি ল’লে ৷ ইতিমধ্যে পৰিবাৰ আহি হাজিৰ হৈছিলহি ৷ পৰিবাৰক দেখুৱাই দি আমি যে ঘৰলৈ আহিম সেয়া অৱগত কৰি বিদায় ল’ব বিচাৰোতেই তেওঁ পুনৰ ক’বলৈ ধৰিলে ‘ দাদা, বেয়া নাপাব ৷ আপোনাৰ ওচৰেদি প্ৰথমবাৰ পাৰ হৈ যাওঁতে মই আপোনাক একেবাৰেই চিনি পোৱা নাছিলোঁ ৷ আপুনি যে হেলমেট পিন্ধি আছে ৷হেলমেট পিন্ধি থাকিলে মানুহক চিনি পোৱা বৰ টান ‘ বুলি কৈ তেওঁ বাইকখন ঘুৰাই লৈ গুছি গ’ল ৷ পৰিস্থিতিটো টলকিব পৰাৰ পিছতহে নিজকে নিজে গম পালোঁ তেওঁ কোন আছিল মই ধৰিবই নোৱাৰিলোঁ ৷ মোৰ চিনাকী মানুহবিলাকৰ মুখবোৰ চকুৰ সমুখেদি চিনেমাৰ পৰ্দাত দেখা দিয়া চলমান চিত্ৰৰ দৰে পাৰ হৈ যাব ধৰিলে ৷কিন্তু কাৰো লগতেই তেওঁৰ মিল নাপালোঁ ৷ কাৰণ তেওঁৰ মুখমণ্ডলৰ প্ৰায় অংশই পৰিহিত হেলমেটটিৰ দ্বাৰা আবৃত আছিল ৷
হেলমেট পৰিহিত অৱস্থাত মানুহজনক চিনি পোৱাত বিশেষ ভাবে অসুবিধা হ’লেও এই সামগ্ৰীবিধে পৰিহিতজনক দুৰ্ঘটনাৰ সময়ত মুৰত আঘাত পোৱাৰ পৰা প্ৰতিৰক্ষা প্ৰদান কৰে ৷ দীঘলীয়া পৰিভ্ৰমণৰ সময়ত কিছুমান বাইচাইকেল আৰোহীয়েও হেলমেট পৰিধান কৰা দেখা যায় ৷ কিন্তু বাইক বা স্কুটী আৰোহীৰ বাবে পৰিধান কৰাতো বাধ্যতামূলক হোৱাৰ পিছতো বহুতো আৰোহীয়ে এই সামগ্ৰীবিধ পৰিধান নকৰি তীব্ৰ গতিত বাইক বা স্কুটী চলাই ফুৰা দেখা পোৱা যায় ৷ অসম চৰকাৰৰ সাধাৰন আৰু আৰক্ষী প্ৰশাসনক হেলমেট নিপিন্ধা সকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিধি ব্যবস্থা গ্ৰহণ কৰা বাৰুকৈয়ে পৰিলক্ষিত হয় যদিও সাধাৰন নাগৰিক এই ক্ষেত্ৰত একেবাৰেই সস্তম নহয় ৷ কাৰণ বাতৰিকাকত বা টি ভি চেনেল বিলাকত প্ৰায়েই হেলমেট নিপিন্ধাকৈ বাইক চলাই দুৰ্ঘটনাত পতিত হৈ বহু যুৱকে অকালতে মৃত্যুক সাৱতি লোৱা সংবাদ প্ৰচাৰ হৈ থাকে ৷ আজিৰ জন্ম নিয়ন্ত্ৰণৰ যুগত বহুতো পিতৃ মাতৃয়ে তেওঁলোকৰ একমাত্ৰ সন্তানক হেৰুৱাব লগা হয় ৷ এয়া কেৱল পৰিতাপৰ বিষয়েই এনে বাতৰিয়ে অন্য মানুহকো বেদনাহত কৰে ৷
বাইক বা স্কুটী আৰোহী যুৱ প্ৰজন্ম হেলমেট পৰিধান সম্পৰ্কত সতৰ্ক আৰু দায়িত্বশীল হোৱা নিত্যান্তই প্ৰয়োজনীয় ৷ কেতিয়াবা কিছুমান ঘটনা চক্ৰত এনে ভাৱ হয় যেন যুৱ প্ৰজন্মই কেৱল আৰক্ষীৰ হাতত জৰিমনা নভৰিবলৈহে হেলমেট পৰিধান কৰে ৷ প্ৰায় যুৱকে বাইক বা স্কুটী চলাই থকাৰ সময়ত হেলমেটটি এখন হাতত সোমোৱাই লৈ যায় ৷ যিটো পৰিঘটনা দুৰ্ঘটনা সংঘটিত হ’বলৈ যথেষ্ট ৷ আন কিছুমানে হেলমেট পিন্ধে কিন্তু সেই হেলমেটটিয়ে দুৰ্ঘটনাৰ সময়ত আৰেহীৰ মুৰটি ৰক্ষা কৰিবলৈ নোৱাৰে ৷ ফলত দুৰ্ঘটনাত আক্ৰান্তজন থিতাতে নিহত হয় ৷ পেট্ৰল ডিপো বিলাকত এখনি ফলক দেখা পোৱা যায় ৷ তাত লিখা থাকে ‘ হেলমেট পৰিধান নকৰিলে পেট্ৰল নাপাব ‘ ৷ কিন্তু সেয়াও ফুটুকাৰ ফেন সদৃশ ৷ বাস্তব অভিজ্ঞতাৰ পৰা ক’ব পাৰি যে বহু যুৱক বাইক বা স্কুটী আৰোহীয়ে কেৱল পেট্ৰল ভৰোৱাৰ সময়ত হেলমেট পিন্ধে আৰু পেট্ৰল ডিপোৰ পৰা প্ৰস্থানৰ পিছতেই হেলমেট খুলি লয় ৷ সকলো ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ হ’লে সাধাৰন জনতাই সকলোবোৰ সাংবিধানিক বিধি বিধান মানি চলাতো অপৰিহাৰ্য কৰ্তব্য হয়তো দুৰ্ঘটনাৰ পৰিসাংখ্যিক হিচাপ উলিয়াবলৈ গ’লে বাইক বা স্কুটীৰ দুৰ্ঘটনাই সৰ্বাধিক হ’ব ৷
এই ক্ষেত্ৰত যুৱ প্ৰজন্ম অধিক সতৰ্ক হ’ব লাগিব ৷ ৰাজ্যত শ শ স্বেচ্ছাসেৱী সংগঠন ( এন , জি, অ) ৰ ভিতৰৰৰ পৰা কিছু সংখ্যকে বিশেষকৈ অসমৰ যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব ৷ লগতে অভিভাৱক সকলেও বাইক বা স্কুটী এখন নিজৰ সন্তানটিক কিনি দিয়েই কৰ্তব্য সমাপন হোৱা বুলি ভাবিলে নহ’ব ৷ নিজৰ সন্তানটিয়ে কিমান গতিত বাইক বা স্কুটী চলাই সেয়া লক্ষ্য ৰাখিব লাগিব ৷ প্ৰশাসনক এই ক্ষেত্ৰত সাৰ্বজনীন ভাবে সহায় সহযোগিতা কৰি দুৰ্ঘটনা ৰোধ কৰাত অংশগ্ৰহণ সকলো প্ৰকাৰ নাগৰিকৰ একান্ত কৰ্তব্য বুলি নিজস্ব ভাবে বিবেচনা কৰা উচিত ৷
হেলমেট পৰিধান কৰি বাইক বা স্কুটী চলালে পৰিহিত মানুহজনক চিনি পোৱাত অসুবিধা হ’লেও দুৰ্ঘটনাৰ সময়ত পৰিধান কৰোতাজনক ঠিকেই আঘাতৰ পৰা ৰক্ষা কৰাত মহৌষধৰ দৰে কাম কৰে ৷