হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈ… – শিৱাণু বৰা

হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈ…

শিৱাণু বৰা

বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ সোমবাৰে দিনৰ ২ বজাত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১২ অক্টোবৰৰ পৰা নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত ভেণ্টিলেটৰত আছিল সাংবাদিকগৰাকী । অৱশেষত আজি ১১ দিন চিকিৎসাধীন হৈ থকাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ । ১৯৭৬ চনৰ পৰা সাংস্কৃতিক সাংবাদিকতাৰ সৈতে জড়িত হৈ মৃত্যুৰ পূৰ্বলৈকে সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনতেই তেওঁ জড়িত হৈ আছিল । ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিস্থাপক সভাপতি আছিল অৰুণলোচন দাস । মৃত্যুৰ পূৰ্বলৈকে সন্থাৰ উপদেষ্টা আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী । অসমৰ প্ৰায় সকলোবোৰ কাকত, আলোচনীত বিগত চাৰিটা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন বাৰ্তা, সমালোচনা লিখি আহিছিল অৰুণলোচন দাসে । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত ‘চিত্ৰ সংবাদ’ কাকতখনৰ সহযোগী সম্পাদক আছিল । অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনাকে ধৰি বিভিন্ন শিল্পীৰ জীৱনী সন্নিবিষ্ট ‘লাইমলাইট ডাইৰেক্টৰী’ৰ স্ৰষ্টাও আছিল অৰুণলোচন দাস । ১৯৯৬ চনৰ পৰা নিয়মীয়াকে তেওঁ প্ৰকাশ কৰি আছিল ‘লাইমলাইট ডাইৰেক্টৰী’ । অসমীয়া ছবিৰ বিভিন্ন বিষয়ক লৈ ভালেসংখ্যক গ্ৰন্থও তেওঁ লিখিছিল । শ্ৰেষ্ঠ লেখক হিচাপে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল অৰুণলোচন দাসে । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত’ গ্ৰন্থখন আছিল অন্যতম । দুটাকৈ খণ্ডত প্ৰকাশ পাইছিল এই গ্ৰন্থখন । ‘শ্বুটিং ৰিপ’ৰ্ট’, ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’, ‘কি নাম দি মাতিম’, ‘অসমীয়া চলচ্চিত্ৰ ( ১৯৩৫ – ১৯৯১ )’, ‘অসমীয়া চিনেমাৰ কথা’, ‘অসমৰ সুৱদীসুৰীয়া গীত’ আদি আন কেইখনমান তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ আছিল । অৰুণলোচন দাসৰ ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত’ গ্ৰন্থখনিয়ে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ১৯৫৪ চনৰ ২৯ মে’ত গুৱাহাটীৰ উজানবজাৰত জন্মগ্ৰহণ কৰিছিল অৰুণলোচন দাসে । ১৯৭৬ চনত আৰতি দাস বৈৰাগীৰ ‘জোনবিৰি’ আলোচনীখনৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা দাসে ১৯৭৯ চনত ‘ৰূপকাৰ’ আলোচনীখনৰ যোগেদি চলচ্চিত্ৰ সাংবাদিকতাত জড়িত হৈ পৰে । জীৱনৰ ২৫ বছৰ বয়সতে, ১৯৭৯ চনত প্ৰকাশ পোৱা প্ৰথম বহুৰঙী অফচেটত মুদ্ৰিত চলচ্চিত্ৰ আলোচনী ‘আকাশ’ৰ সম্পাদনাৰ সৈতে জড়িত আছিল অৰুণলোচন দাস । ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে দুটা বছৰ তেওঁ ‘চিত্ৰ সংবাদ’ৰ সহযোগী সম্পাদক আছিল । ১৯৭৯ চনত তেওঁ নিজে ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিছিল । এই সংস্থাটিৰ বেনাৰতেই ১০০ খনৰো অধিক ছবিৰ তেওঁ প্ৰচাৰৰ ডিজাইন কৰিছিল । মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু জোঁৱাইক এৰি থৈ গৈছে প্ৰয়াত দাসে ।