হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘অসমীয়া বিজেপি বাৰ্তা’ৰ পঞ্চম বৰ্ষৰ দশম সংখ্যাটি উন্মোচন

pc Facebook
হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘অসমীয়া বিজেপি বাৰ্তা’ৰ পঞ্চম বৰ্ষৰ দশম সংখ্যাটি উন্মোচন
অনলাইন বাৰ্ত্তাসেৱা – হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘অসমীয়া বিজেপি বাৰ্তা’ৰ পঞ্চম বৰ্ষৰ দশম সংখ্যাটি উন্মোচন কৰা হয়। উক্ত কাৰ্যক্ৰমত প্ৰাক্তন ৰাজ্যিক উপ সভাপতি তথা জ্যেষ্ঠ নেতা মাননীয় ড° প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া , ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কোষ সমূহৰ তত্বাৱয়াক মাননীয় শ্ৰী মনোজ বৰুৱা ডাঙৰীয়া, ‘অসমীয়া বিজেপি বাৰ্তা’ মাহেকীয়া আলোচনী খনৰ সম্পাদক মাননীয় ডাঃ দেৱদত্ত বৰকটকী দেৱৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে চন্দ্ৰপুৰ অঞ্চলৰ বহু কেইজন সমাজ সচেতন ব্যক্তিয়ে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে। সকলোকক বিজেপি দললৈ উষ্ম আদৰণি জনাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা ডাঙৰীয়াই।