হেঁপাহৰ ৰঙালী বিহুটি
বিহু অসমীয়াৰ আপোন, বিহু অসমীয়াৰ দাপোণ। বিহুৰ মাজত আকৌ ৰঙালী বিহুৰ মাদকতাই সুকীয়া। গছ-গছনি ফুলে ফলে জাতিস্কাৰ হোৱাৰ সময়। ৰঙালী বিহুৰ ৰঙত শিশু,ডেকা,বুঢ়া সকলোৰে মন ৰাইজাই কৰে।
সৰুতে বিহু বুলিলে আমাৰ আকৰ্ষণ আছিল পশ্চিম গুৱাহাটী বিহু সন্মিলনীখন। বিহুৰ পতাকা উত্তোলনৰ সময়ত গোৱা শ্ৰীময়ী অসমী…… গীতৰ বাবে আমি কেইবাদিনো আগৰ পৰা ৰিহাৰ্চেল কৰিছিলো। সেইকেইদিন স্কুলৰ পৰা যিমান পাৰি সোনকালে ঘৰলৈ আহিবলৈ যত্ন কৰিছিলো।কেঁচা মিঠাতেল খাই নিজৰ মাতটো শুৱলা কৰিবলৈ যত্ন কৰিছিলো। মাহীৰ পৰা মেখেলা চাদৰ ধাৰলৈ লোৱা, মেখেলা চাদৰ ভালদৰে পিন্ধাবৰ বাবে ওচৰৰ কবিতা বাক অনুৰোধ কৰা, কত কিমান কাম যে কৰিবলগীয়া হৈছিল। গোটেই অঞ্চলটোতেই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। বিহুৰ কেইদিন ৰাতিপুৱা ফিল্ডত খেল ধেমালি প্ৰতিযোগিতা হৈছিল। তাতো অংশগ্ৰহণ কৰিছিলো। সন্ধিয়া আৰু ৰাতিৰ বেলিকা বিহু চোৱা আৰু ষ্টেজত বিহু নচা অনুষ্ঠানত অংশ লৈছিলো।
সেই সময়ত আমাৰ বহুতৰে ঘৰত নিজা গাড়ী বা অন্য বাহন নাছিল। মানুহো ক’ম আছিল আৰু বিহুতলীৰ সংখ্যাও সীমিত আছিল। আমিও গোটেইকেইদিন এখন বিহুতলীতেই গৈছিলো। আজিকালিৰ দৰে বেলেগ বেলেগ বিহুতলীলৈ যোৱাৰ কথা ভবাই নাছিলো। আজিকালি আকৌ ঘৰতে বহি টিভিতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু উপভোগ কৰিব পাৰি।
সৰুতে বিহু চাবলৈ চুবুৰীৰ সকলোৱে ৰাতি ভাতপানী খাই ঘৰ তলা মাৰি থৈ যাও। তেতিয়াৰ দিনত চোৰৰ উপদ্ৰৱ নাছিল। চুবুৰীৰ সকলোৰে মাজত সদ্ভাৱ আৰু মিলামিছা আছিল।
পশ্চিম গুৱাহাটীৰ বিহুতলীৰ অন্যতম আকৰ্ষণ আছিল স্বৰ্গীয় ড০ ভূপেন হাজৰিকাদেৱৰ গীত। এই বিহুতলীখন তেখেতৰ মোমায়েকৰ ঘৰৰ আছিল।
বিহুনাচৰ বাবে মুগাৰ কাপোৰযোৰ বিচাৰোতে সময় লাগিছিল। নষ্ট কৰো বুলি মায়ে নিদিছিল। মই বহুত কষ্ট কৰি পেহী বা মাহীৰ পৰা কাপোৰযোৰ গোটাইছিলো আৰু অতি সাৱধানে পিন্ধিছিলো।গুৱাহাটী চহৰত তেতিয়াৰ দিনত এইকেইদিন ঢেঁকীৰ মাতৰ লগতে তাঁতশালৰ মাতো শুনিছিলো।আমাৰ ঘৰতেই মায়ে তাঁতশালত আমালৈ বুলি বিহুৱান বুইছিল।
বৰা চাউলৰ পিঠা, নাৰিকলৰ পিঠা, লাৰু আদিবোৰ মায়ে ঘৰত বনাইছিল। ওচৰৰ মিনতি জেঠীহঁতৰ ঘৰত থকা ঢেঁকীত ওচৰৰ মানুহবোৰ গৈ চাউল খুন্দিছিল। ইঘৰে সিঘৰক চাউল খুন্দাৰ পৰা পিঠাপনা বনোৱালৈ সহায় কৰিছিল। ঘৰত গৰু নাছিল বাবে ওচৰৰ হালৈ বৰদেউতাহঁতৰ গৰুজনীকে লাও বেঙেনা খুৱাইছিলো।
বিহুৰ দিনা গাত মাহ হালধি সানি গা ধোৱাৰ ফূৰ্ত্তিয়েই বেলেগ। তাৰ পিছৰ দুদিনমান আয়নাৰ ওচৰত থিয় হৈ নিজে কিমান বগা হৈছো চাইছিলো। (সেই সময়ত আমাৰ মনত ধাৰণা আছিল যে বিহুত গাত মাহ হালধি সানি গা ধুলে চালৰ ৰং উজ্বল হয়।)
এতিয়া অৱশ্যে আগৰ পৰিৱেশ নাই। বিহু এতিয়া টিভিতে চায়। বিহুৰ কেইদিনো অসংখ্য বিহুতলী। আজিকালি পিঠা-পনা দোকানতে পোৱা যায়। বহুতে মিক্সিত চাউল গুৰি কৰি লৈ পিঠা-পনাৰ প্ৰস্তুতিৰ আয়োজন কৰে। এতিয়া আৰু ঘৰত ঢেঁকী বিচাৰি ফুৰাৰো প্ৰয়োজন নাই।
মুগা কাপোৰ বিচাৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। নতুন নতুন বহু ধৰণৰ কাপোৰ ওলাইছে। গৰুক গা ধুওৱাৰ দৃশ্যও আজিকালি টিভিটেই দেখা পায়।
আজিকালি চুবুৰীৰ সকলোৱে একেলগ হৈ বিহু চাবলৈ যোৱাৰ কথা ভাবিবই নোৱাৰি। বৰ্তমান চোৰৰ প্ৰকোপত ঘৰ তলা মাৰি থৈ যোৱাৰ কথাও ভাবিব নোৱাৰি।
আনকি, বিহুৰ সময়ত প্ৰয়োজনীয় কপৌফুল আজিকালি সহজলভ্য হ’ল। বজাৰত বহুধৰণৰ কৃত্ৰিম ফুলৰো পয়োভৰ ঘটিবলৈ ধৰিলে। বিহুক কেন্দ্ৰ কৰি বিহু নাচৰ প্ৰশিক্ষণ কেন্দ্ৰ কিছুমানো গঢ় লৈ উঠিল।
তাহানিৰ সেই ৰঙালী বিহুৰ দিনবোৰৰ কথা মনত পৰিলে এতিয়াও নষ্টালজিক হৈ পৰোঁ। হেঁপাহৰ ৰঙালী বিহুটি এতিয়া আকৌ দুৱাৰডলিত। ৰঙালী বিহুটি সকলোৰে বাবে সুখৰ হওক, ৰঙালীৰ ৰঙেৰে ৰঙীণ হৈ উঠক আগন্তুক দিনবোৰ।
ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা
কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়