হেঁপাহৰ মিঠা সুৰৰ বাঁহী
দেৱজিত
তুমি মোৰ হৃদয়ৰ এমুঠি জোনাক
প্ৰনয়ৰ ফুলেৰে আদৰিলোঁ তোমাক
জীয়া জীয়া সপোনৰ
মিঠা মিঠা সুবাসৰ
হৃদয়ৰ পাহিত সিঁচি দিয়া জোনাক।
জোনাকৰ চঞ্চলা জাৰৰ মধুৰাত্ৰি
প্ৰেমৰ এপিয়লা মদিৰা দিয়া বাকি
প্ৰস্ফুটিত হৃদয়ত
লাজুকীয়া পৰশত
জীৱন্ত হওক প্ৰণয়ৰ প্ৰতিমূৰ্তি।।
প্ৰজ্জ্বলিত হওক মোৰ জীৱন বন্তি
কোঁহে কোঁহে স্বপ্নৰ ৰেশ উঠক ভাঁহি
মায়াময় মতলীয়া
মোৰ এই মুগ্ধ হিয়া
বাজি উঠক এক মিঠা সুৰৰ বাঁহী।।
