হেঁপাহৰ মাঘৰ বিহু
মাঘৰ বিহুৰ বতৰ আহিল,
সমগ্ৰ অসমত পিঠাৰ সুবাস উঠিল।
ঘৰে ঘৰে মই ঢেঁকীৰ মাত শুনিছোঁ,
আজি কালি বেছি ভাগ ঘৰত ঢেঁকী কম দেখা পাইছোঁ।
হাতত লগাম মই জেতুকাৰ পাত,
বিহুৰ বাবে চৰাই-চিৰিকটিৰ উঠিল আনন্দৰ মাত।
গাঁওৰ পথাৰ খনিত ভেলা ঘৰ সাজে,
এই বিহুত আনন্দৰ বাবে ঢোল পেঁপা বাজে।
উৰুকাৰ সাঁজৰ বাবে বজাৰলৈ যায়,
নিশা ভোজ ৰান্ধি সকলোৱে আনন্দৰে খায়।
উৰুকাত জোনটি নোলালে কিবা ভাল নালাগে,
এনে লাগে জোনৰ বাবে সময়ে নাথাকে।
মাক সুধিলোঁ “ঢেঁকী মাৰি তুমি কৰিবা নো কি?
কলে “খোৱাম বিহুৰ পিঠা মই নিজ হাতেৰে সাজি”।
মায়ে কলে আমি পিঠা বনাম,
হেঁপাহ পলাই সকলোৱে পিঠা খাম।
চুঙা পিঠা, তিল পিঠা আৰু ঘিলা পিঠা,
এই সকলো পিঠা হৈছে সোৱাদত মিঠা।
সুধিলো ঢেঁকীক “তুমি বাৰু কৰা নো কি?
কলে “গুৰি কৰোঁ চাউল পিঠা মই খুন্দি খুন্দি”।
ৰাতিপুৱা সকলোৱে মেজি জ্বলায়,
পৱিত্ৰ হৈ সকলোৱে নামঘৰলৈ যায়।
জেষ্ঠজনক শ্ৰদ্ধাৰে সেৱা জনায়,
সুখক আচলতে এনেকৈ সহজতে পায়।
মোৰ অসমৰ ইতিহাস যাতে জিলিকি থাকক,
আশা কৰোঁ সকলোৰে জীৱনলৈ আনন্দ আহক
-নিতিষ্মান দাস
সপ্তম শ্রেণী