হেঁপাহৰ ব’হাগ – ইভা গন্ধীয়া ফুকন

হেঁপাহৰ ব’হাগ
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়
প্ৰকৃতিৰ ন ৰূপত কপৌ নাহৰ তগৰ ফুলৰ হাঁহিত
এইয়া মাটিৰ মানুহৰ হেঁপাহৰ ব’হাগ
খেতিয়কৰ তেজত বৈ যায় আশাৰ নদী
নাঙলৰ আগত হাঁহি
পিছভাগত পৰি থাকে দেহৰ লুণীয়া পানী
সেয়াই মাটিৰ মানুহৰ হেঁপাহৰ ব’হাগ
তাঁতী শালৰ বিহুৱানে
দৃঢ় বিশ্বাসী সম্ভাষণ আৰু শুভেচ্ছাত
ভৰি আছে অসমীয়া আৱেগৰ সূত্ৰধাৰ
হেঁপাহৰ ব’হাগ বুলি
এইবেলি ব’হাগ নগচকা
গোৰোহাবোৰ চকুৰ আগত
বন দুবৰিৰে ভৰি চন পৰি থকা মাটিৰ
নাঙল বিচাৰি ভাগৰিল হেঁপাহৰ ব’হাগ
ঢুলীয়াৰ সমন্বয় ক্ষেত্ৰ বুলি অহা যি আকাশ
কেৱল আকাশ নহয় মৰমৰ সুবাস
চল চাই বাট লোৱা
সপোন সপোন বুলি সপোনক আদৰিম
জীৱন যুঁজত যুঁজ দিম এইবেলি
নতুন বছৰ বুলি পাৰিলে আহিবা এপাক
চেনেহৰ সংজ্ঞা বিচাৰি
তোমাৰ চোতালত বিহু নাচিম
কুলি কেতেকীৰ সুৰীয়া মাতত
ঢোলৰ ৰগৰত পেঁপাৰ সুৰত
অসমীয়াৰ কঁকাল ভাঙে নাচোনৰ লহৰত
অসম আৰু অসমীয়াৰ অস্তিত্বৰ বাবে
দায়বদ্ধ যি সেয়া হেঁপাহৰ ব’হাগ
মাটি -ভেটি, ভাষা – সংস্কৃতিৰ স্বাৰ্থত
ৰঙালী হৈ জিলিকি থাকক হেঁপাহৰ ব’হাগ
বিহুৰ ওলগনি জনালোঁ শেষত ।