হেঁপাহৰ বহাগ আকৌ আহিল – মনোজ বৰা

Pc ShareChat
হেঁপাহৰ বহাগ আকৌ আহিল
মনোজ বৰা, যোৰহাট 
হেঁপাহৰ বহাগ আকৌ আহিল
কুলি,কেতেকী মাতত উদুলি
   মুদুলি গাঁও, চহৰ।
সমাগত বসন্তৰ বাতৰি পায়
চ’তৰে লঠঙা গছ পাতবোৰেও
সেউজীয়া আচল লৈছে টানি।
চেনাইক এখনি বিহুৱান দিবলৈ
তাঁতৰ শালত মাকোৰ শব্দ ।
চেনেহৰ বিহুটিক আদৰিবলৈ
জুহালত চিৰা-পিঠা-পনাৰ গুন্ধ।
বৰষুণৰ পৰশত উন্মনা হৈছে
কপৌ-মদাৰ-তগৰ ফুল ।
জেতুকাৰ ৰঙে সানি  দিছে
গাভৰুৰ মুখত মৰমৰ বোল।
ঢোল পেঁপাৰ গগনাৰ সুৰে সাজু
 হৈছে হেঁপাহৰ বিহুটিক আদৰিবলৈ।
সকলোখিনিয়েই যেন আজি
উমান দিছে হেঁপাহৰ বহাগ
আকৌ আহিল বুলি।