হেঁপাহৰ কাতি বিহু – ৰশ্মি ৰেখা দুৱৰা

হেঁপাহৰ কাতি বিহু
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
অসমীয়াৰ প্ৰাণস্বৰূপ বিহু।বিহু শব্দটো শুনিলেই সকলো অসমীয়াৰে মন প্ৰাণ পুলকিত কৰি তোলে।বাপতি-সাহন বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা।বিহু অসমীয়াৰ সিৰে সিৰে বৈ আছে।বিহু অবিহনে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতাৰ ভঁৰাল উৰুঙা হৈ ৰ’ব।বিহু আমাৰ তিনটি। ব’হাগ বিহু ৰঙালী,কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী। প্ৰত্যেকটো বিহুৱে খেতিৰ লগত সম্বন্ধ আছে,শইচ সিঁচাৰ পৰা চপাই ভোগ কৰালৈকে।
কৃষিজীৱী লোকসকলে জেঠ-আহাৰ মাহৰ পৰা অহৰহ কষ্ট কৰি কপালৰ ঘাম মাটিত পেলায় আঘোণলৈ অপেক্ষা কৰে।আঘোণৰ আকাশ, সোণোৱালী ধান, জাকপাতি উৰা মৰা বনহাঁহ জাক,পথাৰত কলপাতত খোৱা ভাতসাঁজ, ৰবাবটেঙাৰ জুতি আদি সকলোবোৰে প্ৰিয়।
ব’হাগ বিহুত যেনেদৰে ৰং-ৰহইচৰে মনবোৰ ভৰি পৰে,ঠিক তেনেদৰে কাতি বিহুত ৰঙেৰে উপচি নপৰিলেও অসমীয়াৰ বাপতি-সাহন কাতি বিহু আমি পালন কৰিবই লাগিব।কাতি বিহুক কঙালী বুলি এইকাৰণে কোৱা হয় যে কাতি বিহুত ভঁৰাল উদং হৈ পৰে,উলহ-মালহ বেছিকৈ হোৱা দেখা নাযায়,খোৱা-বোৱাৰো আধিক্য নাই।নতুন শস্য চপাবলৈও নহয়।সেউজীয়া পথাৰখনত কোনোডৰা গেঁৰ ওলাই কোনোডৰা পকিবলৈ আৰম্ভ কৰে।এঠোকো নোলাৱা ধানডৰাত কাতি বিহুৰ দিনাই এঠোক হ’লেও ওলায়।আহিনৰ শেষ অৰ্থাৎ সংক্ৰান্তিৰ দিনাই কাতি বিহু পালন কৰা হয়।
কাতি বিহুত সকলোৱে পথাৰলৈ যায়,খেতিডৰা কেনে হৈছে চাবৰ বাবে।পোক-পৰুৱাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পথাৰত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে বছৰটো ধানেৰে উপচি পৰিবলৈ,কেতিয়াও যাতে অভাৱ নহয়।ঘৰ-দুৱাৰ চাফ-চিকুন কৰি ঘৰৰ চাৰিওফালে সন্ধিয়া বন্তিগছি জ্বলোৱাৰ লগতে তুলসী তলতো বন্তি জ্বলোৱা হয়।সৰুৰে পৰা দেখি আহিছোঁ ঘৰত তুলসীৰ গছ থাকিলেও বিহুৰ দিনা এটি তুলসীৰ পুলি ৰোপণ কৰা হয়।তুলসীৰ তলত বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয়।কোনো কোনো ঠাইত তুলসীৰ তলত শৰাই আগবঢ়োৱা দেখিবলৈও পোৱা যায়।মাটিৰ চাকিৰ উপৰিও অমিতা,ঔটেঙাৰ বকলা আদিত চাকি জ্বলোৱা হয়।চৌদিশ পোহৰাই প্ৰাৰ্থনা জনাই,পথাৰৰ শস্যবোৰ যাতে পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰে।আঘোণত ধুমধামেৰে দাৱনী সকলে পুৱাৰে পৰা সন্ধিয়ালৈ কৰ্ম কৰি ভঁৰাল ওপচাই তুলিব পাৰে।পথাৰত বন্তি জ্বলাবলৈ জেওৰা খুটি ওপৰফালে জোঙা কৰি কলগছৰ টুকুৰা খুচি দিয়া হয় যাতে বন্তিগছি তললৈ পৰি নাযায়।শুনিবলৈ পোৱা মতে নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবে কোনো কোনো ঠাইত কাতিৰ বিহুত খেল-ধেমালিয়ো অনুষ্ঠিত কৰে।
বিহুৱে হৈছে প্ৰেম আৰু মিলনৰ মেটমৰা সম্ভাৰ।মানৱ সমাজক বিহুৱেই সমন্বয়ৰ এনাজৰীৰে ঐক্যবদ্ধ কৰি ৰাখিছে।কৃষিজীৱী অসমীয়াই কাতিবিহুত তুলসীৰ তলত আশাৰ বন্তি জ্বলায়।সকলো আশাই যেন বাস্তৱতাৰ ৰূপ লৈ মাঘত সকলোৱে একেলগে ভোগ কৰিব পাৰে।