হৃদয় বোৰ ঠেক হৈ গ’ল
দিলীপ পৰাজুলী
হৃদয় বোৰ ঠেক হৈ গ’ল
সেই বাবেই এতিয়া মই ক্ৰমান্বয়ে হেৰাই গৈছো
সেউজীয়া অৰণ্যৰ বুকুত।।
কাৰণ
মই ভাল পাওঁ সেউজীয়া অৰণ্যক।।
সিহঁতৰ মৰম বোৰ বৰ নিভাঁজ
তোমাৰ মোৰ দৰে নহয়।।
সিহঁতৰ লগত মই খোলা মনেৰে বাৰ্তা বিনিময় কৰো
কাৰণ সিহঁতে কাহানিও
তোমাৰ দৰে কৃপলালি নকৰে।।
সিহঁতৰো তোমাৰ মোৰ দৰে এখনি হৃদয় আছে
সেই হৃদয়ৰ মাজত বিচাৰি পাও
নিতোপল জীৱনৰ শৈলী।।
সেই বাবেই একাকাৰ হৈ কথা পাতো
জীৱন যৌৱনৰ
জীয়াই থকাৰ হেঁপাহ বুকুত বান্ধি।।
জীৱন যুঁজৰ পুৰঠ বীজ বোৰ লৈ
মই আত্মগোপন কৰো
সেউজীয়া অৰণ্যৰ মাজত।।
কাৰণ আমাৰ হৃদয় বোৰ ঠেক হৈছে
ক্ৰমশঃ এতিয়া।।