হৃদয় জিলাৰ থানা – সমুজ্জ্বল ডেকা

PC - marc and angel
হৃদয় জিলাৰ থানা
সমুজ্জ্বল ডেকা, ৰঙিয়া 
হৃদয় জিলাৰ থানাখনত
তোমাক ভৰাই থোৱাৰ
বহুদিনৰে হেঁপাহ।
নাই নাই…
তুমি কোনো
ভুল কৰা নাই।
তুমি কোনো
অপৰাধীও নহয়…
ফাটি যোৱা অন্তৰখন
চিলাই দিবলৈ আহিবা
তুমি মৰম নামৰ বেজিটি লৈ।
এইখন হিয়াৰ থানা,
মৰম-ভালপোৱাৰ বান্ধোনেৰে
সুমুৱাই থোৱা চেনেহৰ থানা।
অজস্ৰ প্ৰেমিকৰ এই
হৃদয় জিলাৰ থানাতে সঘনে অনা-নিয়া।
অশেষজনৰ সৃষ্টি এই মৰমৰ
থানাতে হিয়া দিয়া নিয়া।।