হৃদয় চুই যোৱা কাহিনী
‘ কেৱল নিদানপত্ৰত ঔষধ লিখি দিলেই নহ’ব, সেই ঔষধ কিনি খোৱাৰ সামৰ্থ্য ৰোগীৰ আছেনে নাই ডাক্তৰে সেইটোও চাব লাগিব।
পদ্মশ্রী ডাঃ ৰবি কান্নান
নিজৰ ল’ৰা সন্তানক বন্ধকত থৈ নিজৰ চিকিৎসা কৰোৱা ৰোগীৰ দুৰৱস্থাই বদলি কৰি দিলে Dr. Rabi Kannan ৰ জীৱন।
ডাঃ কান্নানৰ ভাষাতে ‘ঘটনাটো সৰু যেন লাগিব পাৰে কিন্তু তেনে পৰিস্থিতিবিলাকৰ সন্মুখীন নহ’লে জীৱনটোক বুজিবই নোৱাৰিলোঁহেঁতেন। সাধাৰণ এজন চিকিৎসকেই হৈ থাকিলোঁহেঁতেন। ‘
কেন্সাৰ ধৰা পৰিছিল ধৰ্মনগৰৰ ৰমেশ সূত্রধৰ নামৰ এজন লোকৰ। কাছাৰ কেন্সাৰ হচপিটালত চিকিৎসা চলিছিল তেওঁৰ।
ধৰ্মনগৰৰ পৰা বাৰে বাৰে শিলচৰলৈ অহা-যোৱা, থকা-খোৱা আৰু চিকিৎসা কৰোঁতে সৰ্বস্ৰান্ত হৈ পৰিছিল ৰমেশ।
২০০৮ চনত শেষ ড’জটো লোৱাৰ পিছত চিকিৎসক কান্নানে যেতিয়া পৰৱৰ্ত্তী ড’জটোৰ তাৰিখ লিখিবলৈ লৈছিল তেতিয়া ৰমেশে কান্দিবলৈ ধৰিলে। হাতযোৰকৈ ক’লে ‘আৰু তাৰিখ নিদিব’। তেওঁৰ পত্নীৰ চকুতো পানী।
আচৰিত হৈ ডাঃ কান্নানে কাৰণটো জানিবলৈ বিচৰাত ৪৫ বছৰীয়া দিন হাজিৰা কৰা ৰমেশে ক’লে ‘ এইবাৰেই আহিবলৈ বিচৰা নাছিলোঁ। কেনেকৈ আহিম? কিমান দিন ধৰি কাম-কাজ বন্ধ। সব বিক্ৰী কৰি চিকিৎসা কৰিছোঁ, সন্তানক বন্ধকত থৈছোঁ। এতিয়া কেৱল থকা ঘৰটোহে আছেগৈ। ‘
সেই দিনাই কান্নানে বুজিব পাৰিছিল যে কেৱল ঔষধ লিখি দিলেই নহ’ব। সেইখিনি কিনি খোৱাৰ সামৰ্থ্য ৰোগীৰ আছেনে নাই সেইটোও চাব লাগিব। ৰোগীৰ সামৰ্থ্য নাথাকিলে ব্যৱস্থা কৰি দিব লাগিব।
ৰমেশৰ ঘটনাটোৱে চ’চাইটিৰ দ্বাৰা পৰিচালিত হৈ থকা চিকিৎসা ব্যৱস্থাত পৰিৱৰ্তন আনিলে। আৰম্ভণিতে ৰোগীৰ তথ্য পঞ্জী লিপিৱদ্ধ কৰাৰ ব্যৱস্থা কৰা হ’ল। ৰোগীৰ নিজৰ বা পৰিচিত লোকৰ ফোন নম্বৰ ৰখা হ’ল।
নিৰ্ধাৰিত দিনত চিকিৎসাৰ বাবে ৰোগী নাহিলেই হচপিটালৰ পৰা ফোন যায়, ৰোগীজন কিয় নাহিল। কি সমস্যা? সমস্যাটো দ্ৰুতভাৱে সমাধান কৰি ৰোগীক হচপিটাললৈ অনাৰ দায়িত্ব লয় হচপিটাল কৰ্তৃপক্ষই।
শিলচৰৰ মানুহে চ’চাইটি গঠন কৰি চান্দা তুলি গঢ়ি তুলিছে ‘কাছাৰ কেন্সাৰ হচপিটাল চ’চাইটি’। ২০০৬ চনত ডাঃ কান্নান চেন্নাইৰ পৰা শিলচৰলৈ আহে। এতিয়া তেৱেঁই ডাইৰেক্টৰ। সঠিক হিচাপ জনা নগ’লেও বহুতে কয় যে এতিয়ালৈকে ডাঃ কান্নানে তাত সাত হাজাৰতকৈও অধিক ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে, ৰোগীৰ পৰা এটকাও নোলোৱাকৈ। সেই কাৰণেই তেওঁ পদ্মশ্রীৰ বাবে নিৰ্বাচিত হৈছে।
বহুজনে কয় যে, এতিয়াও ডাঃ কান্নানে চ’চাইটিৰ পৰা যি বেতন লয় সেয়া এজন সাধাৰণ এম বি বি এছ ডাক্তৰতকৈ অধিক নহয়।
ডাঃ কান্নানে ভাবে যে ৰমেশেই তেওঁলৈ পদ্মশ্রী কঢ়িয়াই আনিলে।
বাৰ্তাটো যিমান পৰা যায় বিয়পি পৰক। জাগ্রত হওক সকলোৰে বিবেক।
(সংগৃহীত) -যোগেশ্বৰ গোস্বামী