হৃদয়ৰ স্পন্দন
এহিয়া আহমেদ, মৈৰাবাৰী
গভীৰ নিশা আমনি কৰে স্মৃতি বোৰে
নয়নজলে তিতিছে গাৰু;
উচুপনি বোৰক ফুচুলাই
শান্ত কৰাৰ চেষ্টা কৰোঁ।
কিনকিনিয়া বৰষুণত বাহঁনিজোপাৰ
কেৰমেৰ শব্দ বাঢ়ি গৈছে;
ৰিণিকি ৰিণিকি কুকুৰৰ
ভুক ভুকুনিবোৰ ভাঁহি আহিছে।
এক মায়াময় পৰিবেশ মই
আজি পূৰ্ণ স্বাধীন;
মনৰ ক্ষোভ উজাৰিবলৈ
বিবেক আজি বোধশক্তিহীন।।