হৃদয়ৰ স্পন্দন – আয়নাল হক

হৃদয়ৰ স্পন্দন
আয়নাল হক, ধুবুৰী
উস্ ! কি যে স্পন্দন হৃদয়ৰ –!
কিয় জানো–
আকাশ, জোনাক, নদীৰ মোহনীয়তাত
হ’ব পৰা নাই একাত্ম,
ফুল,তৰা,চৰাইৰ স’তেও
গঢ়িব পৰা নাই আত্মিক সম্বন্ধ,
এতিয়া–
বাস্তৱৰ ধূসৰ ছবিয়ে
ভাৰাক্ৰান্ত কৰা হৃদয়ত
দুঃসময়ৰ স্বাক্ষৰ—-!
পঙ্গু সমাজখনক উদঙাই দিয়াৰ স্বাৰ্থতে
মোৰ কবিতাই সাৰ পাই উঠে !
চকুত ভাহি আছে ফুটপাথৰ আৰ্তনাদ
সস্তীয়া প্ৰসাধানেৰে
প্ৰতি নিশা নিজক চৰম আঘাত কৰা
এজাক অভিসাৰিকাৰ দল
হাতোৰাৰ আঘাতত ক্ষত-বিক্ষত
কণমানিজনীৰ উচুপনিত
ৰক্তাক্ত হৈ পৰা সময়  !
কোৱাচোন,কোন স’তে আত্মীয়তা গঢ়োঁ
নিজৰ সন্তুষ্টিৰ লগত ?
কেনেদৰে ওমলোঁ
নান্দনিক সৌন্দৰ্যৰ সান্নিধ্যত ?
কাঢ়ি ল’ব পৰা হ’লে
নৃশংসতাৰ ৰূঢ় মানসিকতা
ছিঙি ল’ব পৰা হ’লে
জঘন্য আসুৰিক বাসনা—
উৰুৱাবলৈ মোৰ বিজয় ধ্বজা–!!