হৃদয়ৰ ভাষা
লখিমী শৰ্মা, যোৰহাট
দুখবোৰ কেনেকৈ আহে জীৱনলৈ
একো উমানেই নাপাওঁ ,
হঠাৎতে আহি
মোৰ হৃদয়খন ভাঙি ,
টুকুৰা – টুকুৰ কৰে খন্তেকতে
এজাক ধুমুহা হৈ আহে
যন্ত্ৰণাময় জীৱনৰ গতিত
এজাক বৰষুণ হৈ আহে ,
চকুপানী নিগৰাবলৈ
অশ্ৰুসিক্ত নয়নৰ সময়ত যেন
একোকে ভাল নলগা হৈ ৰয় ,
জীৱনৰ জটিল বাটত
স্তব্ধ হৈ ৰয় সকলো ,
মায়াজালৰ অন্তৰালত
মৰীচিকা খেদি ফুৰাৰ পৰত
চৌপাশে দেখা পাওঁ কেৱল অন্ধকাৰ ,
জীৱনৰ খলা – বমা বাটত
উজুতি বিজুতিত
ভাল নলগা কিছু
ভদ্ৰতাৰ ৰহণ সানি
মুখা পিন্ধা লোকৰ সমাগম
তথাপি লক্ষ্য কৰি
মৌনতাৰ আশ্ৰয় লৈ
সকলোবোৰ চিন্তা কৰি
ৰওঁ কিছুপৰ
কিজানিবা ঠিক
হৈয়েই বা এসময়ত
হিল দল ভাঙি
সকলো তচ্ – নচ্ কৰি যায়
কাল অমানিশাই
কেৱল মাথোঁ
সেইবোৰ এক দৃষ্টিত আৱদ্ধ
কৰি ৰখাৰ প্ৰয়াসেৰে
আকৌ আগৰ দৰে
আগুৱাই যোৱাৰ
দুৰ্বাৰ হেঁপাহ
বুকুত বান্ধি লৈ
সকলো বোৰ ঠিক
হোৱাৰ আপাহতে
আগুৱাই যাব খোজোঁ
ঈশ্বৰক চিন্তি একান্তমনেৰে