হৃদয়ৰ বিজ্ঞাপন অসীম
জ্যোতি দাস, মৰিগাঁও
মই দিয়া নাছিলো হৃদয়ৰ বিজ্ঞাপন
তুমি নিজেই আহিছিলা বিশ্বাসৰ চাৰ্টিফিকেট লৈ
দিছিলোঁ হৃদয়ৰ বৰঘৰত স্থান
চিনিব পৰা নাছিলোঁ তোমাৰ বিশ্বাসৰ ভেজাল চাৰ্টিফিকেট খন ।
চিনিবলৈ অক্ষম হৈছিলো তোমাৰ কৃত্ৰিম হাঁহি
তোমাৰ প্ৰতাৰণাৰ বৰদৈচিলা জনীয়ে
হৃদয়খন তচ-নচ কৰিব বুলি
সপোনৰো অগোচৰ আছিল,
কিন্তু !
দূৰ্ঘটনা বোৰ আগজাননী নিদিয়াকৈয়ে আহে
দূৰ্ঘটনাবোৰ সংশোধনীৰ এক শিক্ষা,
জীৱনৰ এক এৰাব নোৱাৰা শিক্ষা ।
সেইবাবে এইবাৰ ভাবিছোঁ !
যদিহে ভৱিষ্যতে দিওঁ হৃদয়ৰ বিজ্ঞাপন
তেনেহলে বি:দ্ৰ: ত লিখিম
বিশ্বাসঘাটকতা কৃত্ৰিম হাঁহি
আৰু প্ৰতাৰণাৰ চাৰ্টিফিকেট বোৰ ৰিজেক্ট কৰা হ’ব।